ETV Bharat / state

গ্ৰেপ্তাৰ কৰা ৰাইজৰ দলৰ সদস্যক মুকলি - ছাত্ৰ মুক্তি

শিৱসাগৰ আৰু শিমলুগুৰি আৰক্ষীয়ে সোমবাৰে নিশা আটক কৰা জাতীয় সংগঠন আৰু ৰাইজৰ দলৰ চাৰিওগৰাকী যুৱ নেতাক মঙলবাৰে পুৱা প্ৰায় 10 বজাত মুকলি কৰি দিয়ে আৰক্ষীয়ে । কোনো কাৰণ নোহোৱাকৈ জাতীয় সংগঠন কেইটাৰ প্ৰতিনিধিক আটক কৰা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷

কলা শিয়ালৰ ভয়ত বাঘ নপলাই: চিতু বৰুৱা
কলা শিয়ালৰ ভয়ত বাঘ নপলাই: চিতু বৰুৱা
author img

By

Published : May 25, 2021, 12:12 PM IST

শিৱসাগৰ,25 মে’: শিৱসাগৰ আৰু শিমলুগুৰি আৰক্ষীয়ে হঠাৎ কোনো কাৰণ নোহোৱাকৈ সোমবাৰে নিশা আটক কৰে কেইবাটাও জাতীয় সংগঠন আৰু ৰাইজৰ দলৰ প্ৰতিনিধিক ৷ কোনো কাৰণ নোহোৱাকৈ জাতীয় সংগঠন কেইটাৰ প্ৰতিনিধিক আটক কৰাৰ পাচতেই সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷ তাৰ পাচতেই মঙলবাৰে পুৱা প্ৰায় 10 বজাত জাতীয় সংগঠনৰ প্ৰতিনিধিকেইজনক মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷

গ্ৰেপ্তাৰ কৰা ৰাইজৰ দলৰ সদস্যক মুকলি

উল্লেখ্য যে, সোমবাৰে নিশা কোনো কাৰণ নজনোৱাকৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক পদ্মকান্ত দাস, অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিণ্টু মেছ, বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱা, ছাত্ৰ মুক্তিৰ মানস কোঁৱৰক আটক কৰিছিল আৰক্ষীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতাৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চাৰিওগৰাকী যুৱ নেতাক আটক কৰিছিল বুলি সদৰী কৰিছে জিণ্টু মেছ, চিতু বৰুৱাই ৷

ইয়াৰ উপৰিও মুকলি হৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰে হিটলাৰী শাসন চলাইছে বুলি সমালোচনা কৰে অসম যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জিণ্টু মেছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.