ETV Bharat / state

অংকিতা দত্তৰ ব্যতিক্ৰমী প্ৰতিবাদ - Assam elections 2021

নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত আন প্ৰাৰ্থীয়ে প্ৰচাৰ চলাই থকাৰ সময়তে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে অংকিতা দত্তই ৷ আমগুৰি নগৰৰ মাজমজিয়াত গেছৰ চিলিণ্ডাৰ বাগৰাই ফুটবল খেলাদি খেলি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে দত্তই ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে অংকিতা দত্তৰ ব্যতিক্ৰমী প্ৰতিবাদ

author img

By

Published : Mar 25, 2021, 10:49 PM IST

আমগুৰি,২৫ মাৰ্চ: প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিল ৷ আন আন সমষ্টিৰ দৰে প্ৰচাৰত ব্যস্ত হৈ পৰিছিল আমগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত আন প্ৰাৰ্থীয়ে প্ৰচাৰ চলাই থকা সময়তে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ আমগুৰি নগৰৰ মাজমজিয়াত গেছৰ চিলিণ্ডাৰ বাগৰাই ফুটবল খেলাদি খেলি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে অংকিতা দত্তই ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে অংকিতা দত্তৰ ব্যতিক্ৰমী প্ৰতিবাদ
নিৰ্বাচনী প্ৰচাৰৰ মাজতে অংকিতা দত্তৰ ব্যতিক্ৰমী প্ৰতিবাদ
চিলিণ্ডাৰৰ অত্যধিক মুল্যবৃদ্ধি হোৱাৰ ফলত গ্ৰামাঞ্চলৰ গৃহিনীসকলে সমস্যাৰ সন্মুখীন হোৱা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ আমগুৰি নগৰৰ মাজমজিয়াত প্ৰাৰ্থী গৰাকীয়ে ব্যতিক্ৰমী প্ৰতিবাদ কৰা দেখা গ'ল ।

বিধায়ক প্ৰদীপ হাজৰিকাক তীব্ৰ কটাক্ষ কৰি অংকিতাই কয়, পাঁচ বছৰৰ ফল ভোগ কৰিছে প্ৰদীপ হাজৰিকাই । সমষ্টিত হাজৰিকাৰ জনভিত্তি নোহোৱা হৈ গ'ল ৷ বিধানসভাত আমগুৰিত এখন মেডিকেল কলেজ লাগে বুলি নক'লে । নিবিচাৰিলে পলিটেকনিক কলেজো । বিধায়ক ৰামুঙীয়াৰ চিকিৎসালয়খন সম্পূৰ্ণ কৰিব নোৱাৰিলে, কিন্তু ব'ব হোটেল সম্পূৰ্ণ কৰিলে ।

লগতে পঢ়ক: শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.