শিৱসাগৰ,27 এপ্ৰিল: অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পাছত আৰম্ভ হৈছিল চৰকাৰ গঠনৰ সম্ভাৱনা । মিত্ৰজোঁটে এইবাৰ চৰকাৰ গঠনৰ জোখত আসন নোপোৱা আৰু মহাজোঁটৰ উত্থানৰ সম্ভাৱনাক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে । কল্পনাৰ এখোপ ওপৰলৈ উঠি হৰ্ছ ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ একাংশ প্ৰাৰ্থীক গঁড়ালত ৰখাৰ ব্যৱস্থা কৰা হৈছে । এনে ৰাজনৈতিক দোমোজাৰ মাজত সামাজিক মাধ্যম ফেচবুকত দলীয় নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছে অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত ।
বিগত এটা দিনত ফেচবুকত শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তই ফেচবুকত পোষ্ট কৰা দুটা মন্তব্যক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । কংগ্ৰেছ দলৰ যুৱনেত্ৰী গৰাকীৰ এনে ফেচবুক প’ষ্টে এতিয়া সন্দেহৰ সৃষ্টি কৰিছে যে অংকিতা দত্তই বিজেপি দলত যোগদান কৰিব নেকি !
তেওঁৰ ফেচবুক প’ষ্টত কংগ্ৰেছৰ যুৱনেত্ৰী গৰাকীয়ে কংগ্ৰেছ দলৰ একাংশ বয়োজ্যেষ্ঠ নেতাক শতায়ু গৰকা উল্লেখ কৰি বিজেপি দলৰ সভাপতি ৰণজিৎ দাসৰ মন্তব্য উল্লেখ কৰিছে । আনহাতে, আন এক পোষ্টত তেওঁৰ পিতৃ ভেণ্টিলেছনত থকাৰ সময়ত পিতৃৰ বিৰুদ্ধে একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ষড়যন্ত্ৰৰ বিপৰীতে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালে কৰা অঞ্জন দত্তৰ আৰোগ্যৰ প্ৰাৰ্থনাৰ কথা উনুকিয়াই দিছে । অংকিতা দত্তৰ এনে পোষ্টে দলৰ সভাপতি ৰিপুণ বৰা আৰু বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সেয়া স্পষ্ট হৈ পৰিছে ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনে পোষ্ট ভোট গণনাৰ আগত কিয় অংকিতা দত্তই ৰাজহুৱা কৰিবলগা হ'ল ? ভোট গণনাৰ আগত বিজেপি দলৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব বুলি নিশ্চিত হৈ বিজেপি গমনৰ সিদ্ধান্ত লৈছে নেকি অংকিতা দত্তই !
লগতে পঢ়ক: থুঁতৰিত মাস্ক পিন্ধি মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ