ETV Bharat / state

কিয় জননী সুৰক্ষা আঁচনিক লৈ সুখী নহয় হিতাধিকাৰী ?

author img

By

Published : Sep 3, 2020, 8:41 PM IST

Updated : Sep 4, 2020, 3:11 PM IST

ভাৰতত প্ৰতি বছৰে গৰ্ভাৱস্থাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ হেতু প্ৰায় ৫৬ হাজাৰ মহিলাৰ মৃত্যু হয় । এনে মৃত্যু ৰোধ কৰাৰ বাবে আৰু সন্তানৰ প্ৰসৱৰ পাছত নৱজাতক আৰু মাতৃৰ সুৰক্ষাৰ বাবে চৰকাৰে জননী সুৰক্ষা আঁচনি প্ৰৱৰ্তন কৰিছিল । ভাৰতত বছৰি প্ৰায় ১৩ লাখ শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু হয় । সন্তান প্ৰসৱৰ পাছত মাতৃ-সন্তানৰ পুষ্টিৰ বাবে চৰকাৰে মাতৃৰ বেংক একাউণ্টত ধন জমা কৰে ।

JANANI SURAKSHA SCHEME
JANANI SURAKSHA SCHEME

শিৱসাগৰ, 3 ছেপ্টেম্বৰ : চৰকাৰে জনসাধাৰণৰ মংগলৰ বাবে বিভিন্ন উন্নয়ণমূলক আঁচনি হাতত লয় । ৰাইজৰ অন্ন-বস্ত্ৰ-গৃহ আৰু সংস্থাপনৰ বাবে গ্ৰহণ কৰা এনে আঁচনি সমূহৰ ওপৰিও আন বিভিন্ন কল্যাণমূলক আঁচনি চৰকাৰে সময়ে সময়ে প্ৰযোজ্য কৰে । গৰ্ভৱতী মহিলা তথা সন্তান জন্ম দিয়া মহিলা সকলৰ বাবে ২০০৫ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এখন আঁচনি হৈছে ‘জননী সুৰক্ষা আঁচনি’।

ভাৰতত প্ৰতি বছৰে গৰ্ভাৱস্থাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ হেতু প্ৰায় ৫৬ হাজাৰ মহিলাৰ মৃত্যু হয় । এনে মৃত্যু ৰোধ কৰাৰ বাবে আৰু সন্তানৰ প্ৰসৱৰ পাছত নৱজাতক আৰু মাতৃৰ সুৰক্ষাৰ বাবে চৰকাৰে এই আঁচনি প্ৰৱৰ্তন কৰিছিল । ভাৰতত বছৰি প্ৰায় ১৩ লাখ শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু হয় । সন্তান প্ৰসৱৰ পাছত মাতৃ-সন্তানৰ পুষ্টিৰ বাবে চৰকাৰে মাতৃৰ বেংক একাউণ্টত ধন জমা কৰে । গ্ৰাম্য এলেকাৰ মহিলাৰ বাবে ১৪০০ টকা আৰু নগৰ এলেকাৰ মহিলাৰ বাবে ১০০০ টকা প্ৰদান কৰা হয় । ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত পৰিচালিত এই আঁচনিৰ অধীনত চৰকাৰে বছৰি প্ৰায় ১৬০০ কোটি টকা ব্যয় কৰে ।

শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত প্ৰসৱ কৰোৱা মহিলা সকলক চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অনুসৰি এই ধনৰাশি প্ৰদান কৰি অহা হৈছে । গড় অনুপাতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰায় ১৫০ গৰাকী প্ৰসূতিয়ে চৰকাৰৰ তৰফৰ পৰা এই ধন লাভ কৰি আহিছে । ২০১৯ বৰ্ষত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰসৱ কৰোৱা ১৯৯৬ গৰাকী মহিলাই জননী সুৰক্ষা আঁচনিৰ ধন লাভ কৰিছে । চলিত বছৰত লক ডাউনৰ বাবে কিছু প্ৰসৱৰ হাৰ কমিছিল যদিও জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ মুঠ ১০২৫ গৰাকী হিতাধিকাৰীয়ে ধন লাভ কৰিছে । আগষ্ট মাহত এই আঁচনিৰ অধীনত ১৭৬ গৰাকী মহিলাই ধন লাভ কৰিছে । অৱশ্যে চিকিৎসালয়ত প্ৰসৱ কৰোৱা সকলোৱে যে এই সুবিধা লাভ কৰে এনে নহয় । বেংক একাউণ্ট, প্ৰয়োজনীয় তথ্য,লাগতিয়াল কাগজ আদি নথকা সকল এই আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ।

জননী সুৰক্ষা যোজনাৰ সফলতা আৰু বিফলতা

জননী সুৰক্ষা আঁচনিৰ অধীনত প্ৰসূতিয়ে উক্ত ধনৰাশি লাভ কৰাৰ বাদে আন কোনো সুবিধা লাভ নকৰে । আঁচনিত পুষ্টিকৰ খাদ্যৰ কথা উল্লেখ আছে যদিও চিকিৎসালয়লৈ অহা প্ৰসূতি সকলক পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত উপদেশ প্ৰদান কৰাৰ সলনি কোনো পুষ্টিকৰ খাদ্য প্ৰদান কৰা নহয় । গৰ্ভৱতী অথবা প্ৰসৱ সম্পন্ন কৰা মহিলাক চিকিৎসালয়ৰ পৰা ঘৰলৈ নিয়াৰ বাবে জননী সুৰক্ষা আঁচনিৰ অধীনত কোনো সুবিধা নাই যদিও অসম চৰকাৰৰ আদৰণি আঁচনিৰ দ্বাৰা গৰ্ভৱতী মহিলা তথা প্ৰসূতিক গাড়ীৰে চিকিৎসালয়ৰ পৰা থৈ অহাৰ ব্যস্ততা বৰ্তি আছে । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত থকা দুখন আদৰি বাহনে দৈনিক প্ৰায় 7 গৰাকী মহিলাক এই সুবিধা প্ৰদান কৰি আহিছে ।

গৰ্ভৱতী মহিলা সকলক চৰকাৰী চিকিৎসালয়ত সুৰক্ষিত প্ৰসৱ কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই আঁচনিৰ আৰম্ভ কৰা হৈছিল যদিও আঁচনি আৰম্ভ হোৱাৰ ১৫ বছৰৰ পাছত প্ৰদান কৰা ধনৰ পৰিমাণ বৃদ্ধি নোহোৱাত এই আঁচনিৰ গুৰুত্ব লাঘৱ হোৱাৰ লগতে ৰাইজ আঁচনিৰ প্ৰতি ইচ্ছুক নোহোৱা হৈছে ।

লগতে পঢ়ক : মই ব্ৰেণ্ড এম্বেচাডৰ নহও, ইয়াক লৈ ৰাইজে মোক সন্দেহ কৰিব নালাগে: জুবিন গাৰ্গ

Last Updated : Sep 4, 2020, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.