ETV Bharat / state

আশ্ৰয়হীন কুকুৰৰ বাবে শিৱসাগৰৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

author img

By

Published : Dec 4, 2020, 5:31 PM IST

আশ্ৰয়হীন কুকুৰৰ বাবে শিৱসাগৰৰ এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেদ ৷ পেলনীয়া সামগ্ৰীৰে কুকুৰৰ বাবে গৃহ নিৰ্মাণ কৰি যুৱকজনে দেখুৱাইছে পশু প্ৰেমৰ নিদৰ্শন ৷

an-exceptional-step-by-young-man-from-sivsagar-for-dog
আশ্ৰয়হীন কুকুৰৰ বাবে শিৱসাগৰৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰ, 4 ডিচেম্বৰ : শিৱসাগৰত এগৰাকী যুৱকৰ ব্যতিক্ৰমী পদক্ষেদ ৷ পেলনীয়া সামগ্ৰীৰে পথৰ কুকুৰৰ বাবে যুৱকজনে প্ৰস্তুত কৰি তুলিছে আশ্ৰয় গৃহ ৷ অভিজিৎ দুৱৰা নামৰ যুৱকজনে পুৰণি টিউব তথা পেলনীয়া সামগ্ৰীৰে 'বাটৰ ঘৰ' নামৰে কুকুৰৰ বাবে আশ্ৰয় গৃহ নিৰ্মাণ কৰিছে ৷

যুৱকজনৰ মন্তব্য

যুৱকজনে জনোৱা অনুসৰি, আশ্ৰয়হীন কুকুৰ বোৰে নিশা ৰাস্তাৰ মাজত বিভিন্ন দুৰ্ঘটনা সংঘটিত হয় ৷ গতিকে, কুকুৰবোৰক এক আশ্ৰয় দিলে কুকুৰৰ লগতে মানুহৰো সমস্যা দূৰ হ'ব বুলি যুৱকজনে জানিব দিয়ে । যাৰ বাবে যুৱকজনে এক অভিনৱ চিন্তা কৰি পুৰণি টিউব, পুৰণি টিভি আদিৰে গৃহ নিৰ্মাণ কৰিছে ৷

শুকুৰবাৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ সমীপত কুকুৰৰ আশ্ৰয় গৃহ স্থাপন কৰে । বিভিন্নজনৰ সহায়ত স্থাপন কৰা এই আশ্ৰয় গৃহ সমূহ মুকলি কৰে শিৱসাগৰ জিলাৰ উন্নয়ণ আয়ুক্ত নৱাব আজহাৰ আলিয়ে ।

লগতে পঢ়ক : পাঁচদিনীয়া ভ্ৰমণসূচীৰে 5 ডিচেম্বৰত অসমলৈ জীতেন্দ্ৰ সিং

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.