ETV Bharat / state

বন্যাৰ্ত কৃষকলৈ কঠিয়া সিঁচিছে এখন গাঁৱৰ ৰাইজে

author img

By

Published : Jul 16, 2020, 12:09 PM IST

Updated : Jul 16, 2020, 12:34 PM IST

শিৱসাগৰ জিলাৰ নামতি ৰজাবাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। বন্যাৰ্ত কৃষকক সকাহ দিবৰ কাৰণে ১৩ কুইন্টল ধানৰ বীজ সিঁচা কাম আৰম্ভ কৰিছে গঞাই ৷

flood affected farmers
flood affected farmers

আমগুৰি, ১৬ জুলাই : ৰাজ্যত বানৰ তাণ্ডৱৰ ফলত সৰ্বহাৰা হৈ পৰিছে কৃষকসকল । বানে ধুই মষিমূৰ কৰিলে কৃষকৰ সপোনৰ পথাৰখন । পানীৰ তলত গেলিবলৈ ধৰিছে কঠিয়া । মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে। এইসকল উপান্ত কৃষকক সকাহ দিবৰ কাৰণে আগবাঢ়ি আহিছে নামতিৰ এখন গাঁৱৰ ৰাইজ ।

শিৱসাগৰ জিলাৰ নামতি ৰজাবাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । বন্যাৰ্ত কৃষকক সকাহ দিবৰ কাৰণে ১৩ কুইন্টল ধানৰ বীজ সিঁচা কাম আৰম্ভ কৰিছে গঞাই ৷ জিলাখনৰ নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ খেলপথাৰত ৰাইজে সিঁচিচে বিভিন্ন ধানৰ বীজ। নামতিৰ ৰজাবাৰী গাঁৱত অৱস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৮ বিঘা ভূমিত ১৩ কুইন্টল ধানৰ বীজ সিঁচি বন্যাৰ্তক সহায় কৰিব বুলি জানিবলৈ দিছে গাঁওবাসীয়ে ।

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ লগতে আমগুৰি সমষ্টিৰ দিখৌমুখ আৰু ৰূপহীমুখৰ উপান্ত কৃষকক এই কঠীয়া প্ৰদান কৰা হ'ব । ৰজাবাৰী গাঁৱৰ উন্নয়ন সমিতিৰ লগতে স্থানীয় লোকৰ এনে পদক্ষেপে বানপীড়িতলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । মানৱতাৰ চানেকী বহন কৰিছে তেওঁলোকৰ এই পদক্ষেপে ৷

উল্লেখ্য় যে, প্ৰলংকৰী বানত বৰ্তমান জলমগ্ন হৈ আছে ৰাজ্যৰ 27খন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ক্ষতিগ্ৰস্ত কৰিছে প্ৰায় 3,376 গাঁও ৷ প্লাৱিত হৈছে 1,27,647,25 হেক্টৰ ভূমি ৷ আনহাতে, এই বানত আক্ৰান্ত হৈছে ৰাজ্যৰ প্ৰায় 35,73,564 গৰাকী জনতা ৷

লগতে পঢ়ক : ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ

Last Updated : Jul 16, 2020, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.