আমগুৰি,31 মে’: আমগুৰি আৰক্ষীৰ এইবাৰ চুলাই ঘাটিত শেনচকু ৷ সোমবাৰে আৰক্ষীয়ে দেওৰজা কমাৰচুকত অভিযান চলাই লণ্ড-ভণ্ড কৰে চুলাইৰ ঘাটি ৷ লগতে আটক কৰে চুলাই প্ৰস্তুত কৰি থকা ভদ্ৰেশ্বৰ গগৈ নামৰ এজন ব্যক্তিক ৷
প্ৰাপ্ত তথ্য অনুসৰি, আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত তথা দ্বিতীয় আৰক্ষী বিষয়া মিৰাজ দলেৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷ এই অভিযানত দেওৰজা কমাৰচুক নিবাসী ৰঞ্জন গগৈৰ ঘৰত থকা চুলাইৰ ঘাটি লণ্ড-ভণ্ড কৰে আৰক্ষীয়ে ।
আৰক্ষীয়ে ঘাটিটোৰ পৰা প্ৰায় ৭,০০০ লিটাৰ চুলাই নষ্ট কৰে । লগতে আৰক্ষীয়ে চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত চাৰিটাকৈ ড্ৰাম কুঠাৰেৰে কাটি নষ্ট কৰে । আনহাতে মাটিৰ তলত লুকুৱাই পুতি ৰখা বহু চুলাই প্ৰস্তুত কৰা ড্ৰাম নষ্ট কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷
উল্লেখ্য যে, আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰে বিভিন্ন সময়ত এনে অভিযান চলাই আহিছে ৷ আনকি চুলাই প্ৰস্তুতকাৰী ব্যৱসায়ীসকলৰ কাৰণে ত্ৰাসৰ কাৰণ হৈ পৰিছে আৰক্ষী বিষয়া পাটৰ । বিপৰীতে আমগুৰিৰ সচেতন লোকে আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনাইছে ৷