ETV Bharat / state

Allegations of bribery : শিৱসাগৰত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ - শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়

চৰকাৰৰ নিকা আৰু নিয়মানুৱৰ্তিতা মানি চলা চৰকাৰী কাৰ্যালয়ৰ ফোঁপোলা ছবি ৷ শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছে 100 ৰ পৰা 300 টকা পৰ্যন্ত উৎকোচ ৷ অৱশ্যে এই উৎকোচ লোৱাৰ কাৰণ কাৰ্যালয়টোৰ সামগ্ৰী ক্ৰয় কৰিবলৈ নাই বিভাগৰ ওচৰত ধন (Taking bribe for Fitness certificate) ৷

Allegations of bribery from newly appointed job seekers in Sivasagar
শিৱসাগৰত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ
author img

By

Published : May 29, 2023, 5:02 PM IST

সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ

শিৱসাগৰ, 29 মে’ : শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ দুৰ্গতি, কাৰ্যালয়ৰ সামগ্ৰী ক্ৰয় কৰিবলৈ নাই পৰ্যাপ্ত ধন (Allegations of bribery )৷ ফলত শিৱসাগৰৰ স্বাস্থ্য বিভাগত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰাই সংগ্ৰহ কৰিছে উৎকোচ ৷ কৰবাত যদি 100 টকা কৰবাত আকৌ 300 টকা ৷ এতিয়া এগৰাকী প্ৰাৰ্থীৰ ফিটনেছ চাৰ্টিফিকেটৰ নামত সংগ্ৰহ কৰিছে এশৰ পৰা তিনিশ টকা (Taking bribe for Fitness certificate) ৷

এই কথা পোহৰলৈ অহাৰ লগে লগে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Bribery from newly appointed job seekers)৷ যুটীয়া স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশতে এই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অসম চৰকাৰৰ বিভিন্ন বিভাগত সদ্য ঘোষিত ফলাফলৰ ভিত্তিত চাকৰি লাভ কৰা প্ৰাৰ্থীসকলে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য প্ৰমাণ পত্ৰ(Fitness certificate)ৰ বাবে বিভাগীয় কৰ্মচাৰীক প্ৰদান কৰিব লগা হৈছে উৎকোচ। অভিযোগ অনুসৰি খোদ শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিছে স্বাস্থ্য প্ৰমাণ পত্ৰৰ নিৰিখ ৷ শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী সুনীত হাজৰিকা আৰু বিকাশ ভট্টৰ নেতৃত্বত সংগ্ৰহ কৰা হৈছে এই উৎকোচ।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাকৰি প্ৰাৰ্থীসকলৰ পৰা বাধ্যতামূলকভাৱে এই উৎকোচ সংগ্ৰহ কৰা হৈছে বুলি কৰ্মচাৰী সুনীত হাজৰিকাই স্বীকাৰ কৰিছে ৷ বিভাগৰ কাগজ আৰু আন ষ্টেচনাৰী সামগ্ৰী ক্ৰয় কৰাৰ বাবে পুঁজি নথকাৰ বাবেই এই ধনৰাশি সংগ্ৰহ কৰা বুলি অন কেমেৰা ব্যক্ত কৰিছে বিভাগৰ কৰ্মচাৰী সুনীত হাজৰিকাই ।

আনহাতে একাংশ চাকৰি প্ৰাৰ্থীয়ে কোনো ধন প্ৰদান নকৰাকৈ লাভ কৰা চাকৰিত যোগদানৰ বাবে কেৱল এখন ফিটনেচ চাৰ্টিফিকেটৰ বাবে তিনিশ টকা প্ৰদান কৰিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে চাকৰি প্ৰাৰ্থীক এইদৰে ফিটনেচ চাৰ্টিফিকেট প্ৰদান কৰিবলৈ প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা কৰাটো দৰকাৰী যদিও কোনো শাৰিৰীক পৰীক্ষা নকৰাকৈ কেনেকৈ বিভাগৰ তৰফৰ পৰা স্বাস্থ্যৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে সেইয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।

বহুত দুখীয়া চাকৰি প্ৰাৰ্থীয়ে হাতত পইচা নথকাৰ বাবে বাধ্য হৈ আনৰ পৰা পইচা ধাৰ কৰি ফিটনেচ চাৰ্টিফিকেটৰ বাবে বিভাগক উৎকোচ প্ৰদান কৰিব লগা হৈছে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এতিয়াও চৰকাৰে ক’বনে এইখন চৰকাৰৰ দিনত সকলো নিকা আৰু নিয়মৰ অধীনত পৰিচালিত হৈছে?

লগতে পঢ়ক: Jamugurihat thief case : ঘৰত কোনো নথকাৰ সুযোগ লৈ জামুগুৰিহাটত চোৰৰ চাফাই অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.