ETV Bharat / state

Allegations of cheating artists: মাতৃভূমি থিয়েটাৰৰ বিৰুদ্ধে কলা-কুশলীক প্ৰবঞ্চনা কৰাৰ অভিযোগ - Allegations against Matrivumi theater

ভ্ৰাম্যমান থিয়েটাৰত পুনৰ প্ৰবঞ্চনাৰ সন্মুখীন হৈছে একাংশ কলা-কুশলী ৷ প্ৰাপ্য ধন বিচাৰিলেই গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰযোজকৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে মাতৃভূমি থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে (Allegations against Matrivumi theater of cheating artists) ৷

Allegations of cheating artists
ভ্ৰাম্যমান থিয়েটাৰত প্ৰবঞ্চনাৰ সন্মুখীন হৈছে একাংশ কলা-কুশলী
author img

By

Published : Jan 19, 2023, 12:49 PM IST

ভ্ৰাম্যমান থিয়েটাৰত প্ৰবঞ্চনাৰ সন্মুখীন হৈছে একাংশ কলা-কুশলী

আমগুৰি, ১৯ জানুৱাৰী : বিভিন্ন সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ মালিক তথা প্ৰযোজক পৰিচালকৰ দ্বাৰা প্ৰবঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ একাংশ কলা-কুশলী তথা শিল্পী । দিনে-ৰাতিয়ে কষ্ট কৰিও উপযুক্ত মাননি নোপোৱা বহু শিল্পী, কলা-কুশলীয়ে কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন ৷

স্ব-প্ৰতিভাৰে নিজকে আত্মনিয়োগ কৰিব বিচৰা বহু শিল্পীয়ে মালিক পক্ষৰ শোষণৰ বলি হৈ বিভিন্ন সময়ত বাচি ল’বলগীয়া হৈছে বিকল্প পথ । কৃষ্টি-সংস্কৃতিৰ পথাৰত যথেষ্ট অৰিহণা যোগোৱা এনে আৰ্থিকভাৱে দুৰ্বল শিল্পীক মালিকপক্ষই কৰা শোষণৰ ফলতে বহু প্ৰতিভাসম্পন্ন কলা-কুশলীয়ে এৰিবলগীয়া হৈছে ভ্ৰাম্যমানৰ জীৱন ।

তেনে এক ঘটনাই পুনৰাই সংঘটিত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে ভ্ৰাম্যমান ‘‘মাতৃভূমি থিয়েটাৰ’’ৰ বিৰুদ্ধে ।

অসমৰ বিভিন্ন জিলাত ৩৯ টাকৈ পেণ্ডেলত শ্ব’ কৰা মাতৃভূমি থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে একাংশ কলা-কুশলীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ছমাহৰ বাবে চুক্তিবদ্ধ হোৱা ১২ জনতকৈ অধিক কলা-কুশলীক চুক্তিৰ টকা পৰিশোধ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে (Allegations against Matrivumi theater of cheating artists)৷

আনকি প্ৰাপ্য টকা বিচাৰিলেই থিয়েটাৰৰ মঞ্চৰ পৰা খেদি পঠিওৱা হয় বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে প্ৰৱঞ্চিত কলা-কুশলীয়ে । শেহতীয়াকৈ মাতৃভূমি থিয়েটাৰে তিনিটা নিশা শ্ব’ কৰিছিল শিৱসাগৰ জিলাৰ চিন্তামণি গড়ত ।

চিন্তামণি গড়ত শ্ব’ কৰাৰ অন্তত একাংশ কলা-কুশলীয়ে প্ৰযোজকক চুক্তিবদ্ধ হোৱা অনুসৰি টকা বিচৰাত প্ৰযোজকে কলা-কুশলীসকলক সেই স্থানতে এৰি থৈ অন্য এঠাইত শ্ব’ কৰাৰ বাবে পেণ্ডেল লৈ যায় । ফলত বিপাঙত পৰিছে এতিয়া মাতৃভূমি থিয়েটাৰৰ একাংশ কলা-কুশলী । হাতত টকা নথকাত ঘৰলৈও যাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে থিয়েটাৰৰ একাংশ ভুক্তভোগী কলা-কুশলীৰ মাজত ।

অভিযোগ অনুসৰি, নিজৰ লগতে পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হোৱা ভুক্তভোগী কলা-কুশলীসকলে প্ৰযোজকক চুক্তিৰ টকা বিচাৰিলেই শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । থিয়েটাৰখনৰ প্ৰযোজকগৰাকীয়ে কলা-কুশলীসকলক কৰা এই প্ৰবঞ্চনাৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

অৱশ্যে এই সন্দৰ্ভত অভিযোগৰ আঙুলি উঠা মাতৃভূমি থিয়েটাৰৰ প্ৰযোজকগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷ এতিয়া প্ৰশ্ন হয়, আৰ্থিকভাৱে দুৰ্বল তথা বিভিন্ন সময়ত মঞ্চত অভিনয়ৰ যোগেদি দৰ্শকক আমোদ যোগোৱা এইসকল কলা-কুশলীৰ ভৱিষ্যত কি হ’ব ? কোনে দায়িত্ব ল’ব ? সেয়াহে বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক : Mother Son Suicide Case Kamalpur : পুঠিমাৰী নদীৰ পৰা উদ্ধাৰ বৰপুত্ৰৰ মৃতদেহ, মাতৃ এতিয়াও সন্ধানহীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.