আমগুৰি, 19 জুন: আমগুৰি সমষ্টিৰ গৌৰীসাগৰত মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ হাতীঘূলি গাঁও পঞ্চায়তৰ পথালিচুকৰপৰা মিতং মথাউৰি সংযোগী গো-বাটৰ মাটি ভৰ্তি কৰোৱাত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, ২০১৯-২০ বৰ্ষত পথটোৰ নিৰ্মাণৰ বাবে ১ লাখ ৭৭ হাজাৰ ২২৫ টকা আবন্টন হৈছিল যদিও ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইয়াৰ ওপৰিও গাঁওবাসীৰ কথাক গুৰুত্ব নিদি বয়সীয়া কিশোৰক জবকাৰ্ডত কামত নিয়োজিত কৰা বুলি কাম সম্পাদন কাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ত ভয়াবহ খহনীয়া, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ