ETV Bharat / state

Bhaona Competition at Namoti: নামতিৰ খৰাগড়ত আৰম্ভ সদৌ অসম ভাওনা প্ৰতিযোগিতা - Bhaona at Namoti in Sivasagar

নামতিৰ খৰাগড়ত সদৌ অসম ভাওনা প্ৰতিযোগিতা আৰম্ভ (Bhaona at Kharagarh in Namti)। অহা ১১ ফেব্ৰুৱাৰীত এই ভাওনা প্ৰতিযোগিতাৰ সামৰণি পৰিব বুলি আয়োজকসকলে সদৰি কৰিছে । এই প্ৰতিযোগিতাখনিত ১২ টা দলে অংশগ্ৰহণ কৰিছে ।

All Assam Bhaona Competition at Namoti
সদৌ অসম ভাওনা প্ৰতিযোগিতা
author img

By

Published : Feb 9, 2023, 12:41 PM IST

নমাটিত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন

আমগুৰি, ৯ ফেব্ৰুৱাৰী: অংকীয়া ভাওনাক অসমীয়া জাতিৰ প্ৰাণপ্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ অন্যতম সৃষ্টি হিচাপে গন্য় কৰি অহা হৈছে (Mahapurush Srimanta Sankaradeva)। ৰাজ্য়ৰ বিভিন্ন ঠাইত মহাপুৰুষ দুগৰাকীৰ এই অমৰ সৃষ্টিক জীয়াই ৰাখিবলৈ সকলোৱে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ভাওনা-সবাহ অসমীয়া জাতিৰ পৰিচয় স্বৰূপ বুলি গন্য় কৰাৰ মূলতে হৈছে অসমীয়াৰ কলা-সংস্কৃতি নিহিত হৈ থকা উপাদান । এই কৃষ্টিক জীয়াই ৰাখিবলৈ ৰাজ্য়ৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা হৈছে ভাওনা সমাৰোহৰ । নামতিৰ ঐতিহাসিক খৰাগড়ত যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা প্ৰতিযোগিতা (All Assam Bhaona Competition at Namoti) ।

শিৱসাগৰ জিলাৰ নামতিৰ খৰাগড়ত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ (Bhaona at Namoti in Sivasagar)। খঁৰাগড়ৰ খামদৈ কুঁৱৰী সমন্বয় ক্ষেত্ৰত খঁৰাগড় আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাক লৈ সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশৰ । এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১২ টা নিৰ্বাচিত দলে অংশগ্ৰহণ কৰিছে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি আন্দোলনৰ অন্যতম মাধ্যম ভাওনাৰ জৰিয়তে অসমীয়া জাতিটোক অজ্ঞানতা, কু-সংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ এক সবল পদক্ষেপ গ্ৰহণ কৰিছিল । এই পদক্ষেপক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলাৰ কালুগাঁৱৰ ২০ খনৰো অধিক গাঁৱৰ লোক একত্ৰিত হৈ বিগত কেইবাবছৰ ধৰি ভাওনা প্ৰতিযোগিতা আয়োজন কৰি আহিছে ।

এই প্ৰতিযোগিতাখনিত ইতিমধ্যে মুৰুলীধাম শিল্পী সমাজ ,শংকৰ মাধৱ শিল্পী সমাজ, ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী, ত্ৰিলোচন সাংস্কৃতিক নাট্যগোষ্ঠী, শিৰোমণি নাট্যগোষ্ঠী আদিকে ধৰি বহু কেইটা নাট্য দলে ভাওনা পৰিবেশন কৰিছে । ভাওনা উপভোগৰ বাবে বহু দূৰ-দূৰণিৰ দৰ্শক আহি অঞ্চলটোত উপস্থিয় হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য় যে অহা ১১ ফেব্ৰুৱাৰীত এই ভাওনা প্ৰতিযোগিতাৰ সামৰণি পৰিব ।

লগতে পঢ়ক:Pabitra Margherita on Upper house: অসমৰ শৌৰ্য-বীৰ্যৰ ইতিহাস বখানি সদনত কংগ্ৰেছক তুলাধুনা সাংসদ মাৰ্ঘেৰিটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.