ETV Bharat / state

তলাতল ঘৰত ক’লা দিৱস পালন

author img

By

Published : Feb 25, 2021, 10:42 AM IST

বুধবাৰে তলাতল ঘৰত পালন কৰা হয় ক’লা দিৱস ৷ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিচ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিত খিলঞ্জীয়াই স্বাধীনতা হেৰুওৱাৰ অভিযোগ উত্থাপন কৰিছে আহোম সেনাই ৷ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

তলাতল ঘৰত  ক’লা দিৱস ৰূপায়ণ
তলাতল ঘৰত ক’লা দিৱস ৰূপায়ণ

শিৱসাগৰ,25 ফেব্ৰুৱাৰীঃ বুধবাৰে আহোম সেনাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰত পালন কৰা হয় ক’লা দিৱস ৷ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত অসমৰ স্বাধীনতা লোপ পাইছিল ৷ উক্ত দিনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিত খিলঞ্জীয়াই স্বাধীনতা হেৰুওৱাৰ অভিযোগ উত্থাপন কৰিছে আহোম সেনা নামৰ সংগঠনটোৱে ৷ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ দাবীত সংগঠনটোৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

তলাতল ঘৰত ক’লা দিৱস পালন

উল্লেখ্য যে, বুধবাৰে তলাতল ঘৰত ৰূপায়ণ কৰা হয় ক’লা দিৱসৰ কাৰ্যসূচী ৷ আহোম ৰজা গোমধৰ কোঁৱৰৰ পৰা আদি কৰি কা বিৰোধী আন্দোলনত মৃত্যুবৰণ কৰা পঞ্চ শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে আহোম সেনাই । এই অনুষ্ঠানত শ্বহীদ গোমধৰ কোঁৱৰৰ নাতিনীয়েক দীপজ্যোতি কোঁৱৰ, বুৰঞ্জীবিদ জীতেন বৰপাত্ৰ গোঁহাইকে ধৰি বহু কেইজন নেতাই ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ মৰ্যাদা লাঘৱ হোৱাৰ অভিযোগ উত্থাপন কৰে । ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ খিলঞ্জীয়াই যি স্বাধীনতা হেৰুৱাব লগাত পৰিছিল সেই স্বাধীনতা সমূহ প্ৰদান কৰিবলৈ দাবী জনাই ক’লা দিৱস পালন কৰে আহোম সেনাই ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় লুৰিণৰ: ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.