আমগুৰি,29 অক্টোবৰ: আমগুৰিৰ চাৰিঙত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় অসম গণ পৰিষদৰ এক বিশাল কৰ্মী সভা । উক্ত সভাত অংশগ্ৰহণ কৰে বহুসংখ্যক দলীয় কৰ্মীয়ে ৷ তদুপৰি সভাত উপস্থিত থাকে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷ সভাত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে,কংগ্ৰেছ আৰু এআইইউডিএফ অসমীয়া জাতিৰ বাবে ভয়ংকৰ । এই দুয়োটা দলে একপ্ৰকাৰ আনাকোণ্ডাৰ ভূমিকা গ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা ক্ৰমাৎ নিঃশেষ হ’ব অসমীয়া জাতি ৷
তদুপৰি দলটোৰ সভাপতিগৰাকীয়ে ৰাজ্যজুৰি বিতৰ্কৰ তুংগত থকা মিঞা সংগ্ৰহালয়ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বৰাই কয় যে, কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী মানি লোৱা নহ’ব ৷
উক্ত সভাত উপস্থিত থাকি আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অসমত আঞ্চলিক দলৰ পোষকতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ আঞ্চলিক ৰাজনৈতিক দলেহে অসমৰ সমস্যা সমাধান কৰিব, ৰাষ্ট্ৰীয় দলে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । ৰাজ্যৰ সমস্যা দিল্লীয়ে সদায় আওকাণ কৰে ৷ গতিকে এই সমস্যা সমাধানৰ বাবে ৰাজ্যত আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে প্ৰদীপ হাজৰিকায়ে ৷
আমগুৰি বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত অসম গণ পৰিষদৰ বিশাল কৰ্মী সভাখন অনুষ্ঠিত হৈছিল চাৰিং শিৱকান্ত দুৱৰা ৰাজহুৱা ভৱনত ৷ সভাত দলটোৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা, দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক হিৰণ্য কোঁৱৰ, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, তুলসী গগৈ, নুৰুল চুলতানৰ লগতে দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়-ববীয়া, মন্ত্ৰী, সাংসদ, বিধায়কে অংশগ্ৰহণ কৰে ।
লগতে চাওকঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নলবাৰীৰ খেলুৱৈ