ETV Bharat / state

শিৱসাগৰৰ কৃষ্ণ নগৰত কিশোৰৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Dec 22, 2020, 3:29 PM IST

Updated : Dec 22, 2020, 3:36 PM IST

এটি কিশোৰৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ কৃষ্ণ নগৰত । মঙলবাৰে পুৱা প্ৰাচুৰ্য প্ৰাণ কলিতা নামৰ কিশোৰটি নিজ বাসগৃহৰ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মাতৃ আৰু ভগ্নীয়ে । কিশোৰটিক প্ৰগতি নাৰ্ছিংহোমলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । প্ৰাচুৰ্যৰ ডিঙিত আঘাতৰ দাগ স্পষ্ট । প্ৰাচুৰ্যৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

শিৱসাগৰৰ কৃষ্ণ নগৰত কিশোৰৰ ৰহস্যজনক মৃত্যু
শিৱসাগৰৰ কৃষ্ণ নগৰত কিশোৰৰ ৰহস্যজনক মৃত্যু

শিৱসাগৰ, ২২ ডিচেম্বৰ: মঙলবাৰে পুৱাই শিৱসাগৰ নগৰত সংঘটিত হয় শোকাৱহ ঘটনা । নিজ বাসগৃহতে উদ্ধাৰ হয় প্ৰাচুৰ্য প্ৰাণ কলিতা নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত এটি ১৩ বছৰীয়া কিশোৰৰ মৃতদেহ । শিৱসাগৰ নগৰৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । মঙলবাৰে পুৱা যোগাসন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাচুৰ্যৰ মাতৃ বন্দনা কলিতা আৰু ভগ্নী অনিন্দিতা কলিতা ।

প্ৰায় ৭.৩০ বজাত ঘৰলৈ উভতি আহি প্ৰাচুৰ্যক মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । পিতৃহীন কিশোৰটিক ততাতৈয়াকৈ প্ৰগতি নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । প্ৰাথমিক পৰ্যবেক্ষণত কিশোৰটিৰ ডিঙিত থকা দাগৰ পৰা সমগ্র ঘটনা স্বাভাৱিক মৃত্যু নহয় বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । কিন্তু কিশোৰটিক কোনে, কি কাৰণে হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য উদ্ধাৰ হোৱা নাই ।

উল্লেখ্য যে, গুৰুকুল বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত প্ৰাচুৰ্য অতি নম্ৰ আৰু শান্ত স্বভাৱৰ আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে । আৰক্ষীৰ তদন্ততহে কিশোৰটিৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব । ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক তদন্ত সম্পন্ন কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । কিশোৰৰ এনে ৰহস্যজনক মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:এটি ছয় বছৰীয়া ফুলকুমলীয়া শিশুক প্ৰয়োজন আপোনাৰ সহায়ৰ

Last Updated : Dec 22, 2020, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.