ETV Bharat / state

বুবু কোঁৱৰৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড : পিতৃ

author img

By

Published : Jun 24, 2021, 4:36 PM IST

শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় ৷ বুবু কোঁৱৰৰ মৃত্যুৰ পাচতে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ আনিছে উত্থাপন কৰিছে ৷

A planned murder of Bubu Konwar's death
বুবু কোঁৱৰৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড : পিতৃ

আমগুৰি, ২৪ জুন : শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানীত অসম আৰক্ষীৰ অভিযানত নিহত হোৱা কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷ পৰিয়ালৰ অভিযোগ প্ৰায় এমাহ পূৰ্বে জেলৰ পৰা ওলাই আহি আমগুৰিৰ ৰতনপুৰীয়া মঙলবাৰৰ আবেলি তিনি বজালৈকে নিজ গৃহতে আছিল বুবু কোঁৱৰ ৷ কিন্তু দুজন লোকে ফোনযোগে বুবু কোঁৱৰক মাতি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷

উল্লেখ্য যে, অসম কঁপোৱা চাঞ্চল্যকৰ কৈলাশ গিনোৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা উজনি অসমৰ একাধিক ব্যক্তিৰ চুপাৰী কিলাৰ বুবু কোঁৱৰৰ মৃত্যু ৷ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় কুখ্যাত অপৰাধী বুবু কোঁৱৰ । শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা স‌ংঘৰ্ষত থিতাতে মৃত্যু হয় ৷ বুবু কোঁৱৰৰ মৃত্যুৰ পাচত আৰক্ষীৰ পৰা এই কথা জানিব পৰা গৈছে ।

অতি দুৰ্ধৰ্ষ অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলীয়াই হত্যা কৰিছিল ৷

বুবু কোঁৱৰৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড

ইয়াৰ উপৰিও বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগত নাম সাঙোৰ খাইছিল ৷ হালোৱাটিঙৰ এগৰাকী সুৰা ব্যৱসায়ীক গুলীয়াই হত্যা কৰা বুবু কোঁৱৰে বিয়াগোম ৰাজনৈতিক নেতাৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ সৈতে জড়িত থকা বুলিও চৰ্চা চলিছিল ৷ এইকেইটা হত্যাকাণ্ডৰ সন্দৰ্ভত বুবু কোঁৱৰে কাৰাবাস খাটিছিল ৷

প্ৰায় ৪০ টাতকৈও অধিক গুৰুতৰ অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ অন্তিমবাৰৰ বাবে দিছপুৰ আৰক্ষীৰ জালত বন্দী হৈছিল ৷ বিগত বহু কেইটা দশক ধৰি উজনি অসমৰ লগতে অসমৰ অপৰাধ জগত কঁপাই যোৱা বুবু কোঁৱৰৰ মৃত্যুত সৰ্বসাধাৰণ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত কিদৰে বাৰে বাৰে জেলৰ পৰা মুকলি হৈ পুনৰ গুৰুতৰ অপৰাধ সংঘটিত কৰিব পাৰে সেই সন্দৰ্ভত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক: আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.