শিৱসাগৰ, 25 জানুৱাৰীঃ শিৱসাগৰৰ চেৰেকাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মুখামুখি সংঘৰ্ষ যাত্ৰীবাহী মেজিক আৰু অ'এনজিচিৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মাজত ৷ চেৰেকাপাৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় চালকসহ মেজিকৰ ১২ জন যাত্ৰী ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আহতসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ আনহাতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু ইষ্ট পইন্ট হাস্পতালত প্ৰাথমিক চিকিৎসা কৰাৰ পিচত আহত আটাইকেইগৰাকীকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে AS 04 BC 2070 নম্বৰৰ ট্ৰাকখন শিৱসাগৰৰ পৰা নাজিৰা অভিমুখে গৈ আছিল ৷ আনহাতে AS 04 AC 8558 নম্বৰৰ মেজিকখন শিমলুগুৰিৰ পৰা যাত্ৰী লৈ শিৱসাগৰলৈ আহি আছিল ৷ এই দুৰ্ঘটনা সংঘটিত কৰাৰ পিচতে পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন ৷
আৰু পঢ়কঃৰহাত আৰক্ষীৰ ওপৰত মৰেল পুলিচগিৰি