ETV Bharat / state

Protest in Amguri: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ আমগুৰি চাহ বাগিচা কাৰ্যালয় ঘেৰাও

আটছাই ঘেৰাও কৰিলে আমগুৰি চাহ বাগিচা কাৰ্যালয় । চাহ শ্রমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী আটছাৰ ।

AATSA Protest in Amguri
২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আটছাৰ
author img

By

Published : Jun 13, 2023, 12:58 PM IST

আটছাৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ; বিভিন্ন সমস্যা সমাধানৰ দাবী

আমগুৰি, ১৩ জুন: শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই মঙলবাৰে আমগুৰি চাহ বাগিচা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । চাহ শ্রমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আমগুৰি চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাৰ হালোৱাটিং উপ শাখাৰ উদ্যোগত টিফুক, আমগুৰি আৰু টিৰু উপ শাখা প্ৰাথমিক গোটৰ সহযোগত সংগঠনটোৱে ১৪ দফীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

আটছাৰ হালোৱাটিং উপ শাখাই চাহ শ্ৰমিকৰ আৱাস সমস্যা, অনাময় ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ সমস্যা,নলা-নৰ্দমা, চিকিৎসা সমস্যাকে আদি কৰি মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । আমগুৰি, হালোৱাটিং, টিফুক আৰু তিৰু চাহ বাগিচাৰ স্থায়ী-অস্থায়ী শ্ৰমিকক উন্নত মানৰ ৰেচন প্ৰদান কৰা, আমগুৰি চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা শ্ৰমিকসকলৰ গ্ৰেচুইটি, পি এফ আৰু সুতসমূহ শীঘ্ৰে প্ৰদানৰ দাবী জনায় ।

এই সংগঠনটোৱে আমগুৰি বাগিচাত খালী হৈ থকা কৰ্মচাৰীৰ পদসমূহত শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে লগতে বাগিচাত এজন স্বাস্থ্য সহায়ক, এজন চিকিৎসক নিযুক্তি দিয়া, আমগুৰি চাহ বাগিচাত এখন এম্বুলেন্সৰ ব্যৱস্থা কৰা ইত্যাদি মুঠ ১৪ দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অন্তত এখন ১৪ দফীয়া স্মাৰক পত্ৰ আমগুৰি চাহ বাগিচাৰ পৰিচালকক প্ৰদান কৰে ।

আটছাই জনোৱা দাবী শীঘ্ৰে পূৰণ নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাংস্কৃতিক সম্পাদক ৰমেশ বাচকে, শিৱসাগৰ জিলা সমিতিৰ সৰুমুন মেহেৰা, আটছাৰ আমগুৰি আঞ্চলিকৰ সভাপতি জ্যোতি প্ৰসাদ নায়ক, সম্পাদক বিমল গোৱালাকে ধৰি আটছাৰ মহিলা সমিতিৰ বিষয়ববীয়াসকলে সকীয়াই দিয়ে ।

লগতে পঢ়ক:4 Assamese to UN : ৰাষ্ট্ৰসংঘত অসমৰ কেইবাটাও জ্বলন্ত সমস্যা উত্থাপন কৰিলে অসমৰ চাৰিজনীয়া প্ৰতিনিধিৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.