শিৱসাগৰ, 23 নৱেম্বৰঃ আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোণাৰিত আটাছুৰ জোঁৰ সমদল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত উলিওৱা হয় জোঁৰ সমদল ৷
সোণাৰি ৰাজহুৱা খেলপথাৰৰপৰা সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপলৈকে বাহিৰ কৰা সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁইৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াৰ উপৰিও শতাধিক কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে । সমদলকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে সোণাৰি পৰিৱেশ উত্তাল কৰে ৷
আৰু পঢ়কঃ গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক