চতিয়া,25 ছেপ্তেম্বৰ: সদৌ জামুগুৰি ছাত্ৰ সন্থায়ো জামুগুৰিহাটত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জামুগুৰিহাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক সবলীকৰণ আৰু সুৰক্ষা মূল্য নিৰ্ধাৰণ চুক্তি সমবায় সেৱা আইন 2020, কৃষকৰ বাণিজ্য আৰু ব্যৱসায় (উন্নয়ন আৰু বিকাশ) আইন 2020 আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন 2020 ৰ প্ৰতিলিপি দাহ কৰে আছুৰ সদস্যসকলে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
আছুৰ নেতৃত্বত ৰাজ্যজুৰি জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি - কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি কৃষকসকল
![আছুৰ নেতৃত্বত ৰাজ্যজুৰি জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি AASU Protest Against New Agri Bill in assam Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8934407-thumbnail-3x2-a.jpg?imwidth=3840)
19:51 September 25
জামুগুৰি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
19:51 September 25
নগাঁৱতো জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি
নগাঁও,25 ছেপ্তেম্বৰ: কৃষি বিধেয়কৰ বিৰুদ্ধে সৰৱ নগাঁও ছাত্ৰ সন্থা ৷ ইতিমধ্যে কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলিয়েই আছে ক্ষোভৰ জুই । শুকুৰবাৰে কৃষক বিৰোধী এই বিধেয়কৰ প্ৰতিলিপি দাহ কৰি নগাঁও চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও নগৰ সমিতিয়ে ।
19:41 September 25
ৰাজপথত প্ৰতিবাদমুখৰ গুৱাহাটী ছাত্ৰ সন্থা
গুৱাহাটী,25 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি অধ্যাদেশক কেন্দ্ৰ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ মহানগৰীৰ শ্বহীদ ন্যাসৰ সন্মুখত শুকুৰবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷ ছাত্ৰ সন্থাৰ দাবী, কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিব খোজা এই কৃষি বিল কেতিয়াও কৃষকৰ হিতৰ বাবে নহয় ৷ বৰং এই বিলে কৃষকৰ অধিকাৰহে খৰ্ব কৰিব ৷ সমান্তৰালভাৱে শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গুৱাহাটী ছাত্ৰ সন্থাই ৷
19:26 September 25
বৰপেটাতো সাব্যস্ত প্ৰতিবাদ
![AASU Protest Against New Agri Bill in assam Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8934407_bar.jpg)
বৰপেটা,25 ছেপ্তেম্বৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটাতো আছুকৰ্মীসকলে কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বৰপেটা চহৰৰ চাৰিআলি চ’কত এই প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷ প্ৰতিবাদকাৰীসকলে এই বিধেয়ক শীঘ্ৰে বাতিল নকৰিলে জংগী আন্দোলন গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
18:59 September 25
খোৱাঙত আছুৱে দাহ কৰিলে কৃষক বিৰোধী আইন
মৰাণ,25 ছেপ্তেম্বৰ: খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই চহৰৰ মাজমজিয়াত শুকুৰবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে আছুৰ কাৰ্যকৰ্তাসকলৰ লগতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল ৷ প্ৰতিবাদকাৰীসকলে জন বিৰোধী তিনিখনকৈ আইনৰ প্ৰতিলিপি দাহেৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
18:21 September 25
ডিফুত প্ৰতিবাদকাৰীৰ সৈতে বাক-বিতণ্ডা আৰক্ষীৰ
![AASU Protest Against New Agri Bill in assam Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8934407_diphu.jpg)
ডিফু,25 ছেপ্তেম্বৰ: কাৰ্বি আংলঙৰ ডিফুুত আছুৰ নেতৃত্বত সাব্যস্ত প্ৰতিবাদ ৷ বিজেপি শাসনাধীন কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী যি বিধেয়ক সংসদত গৃহিত কৰে তাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু শাখা ৷ তদুপৰি ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ নামত সংঘটিত চূড়ান্ত কেলেংকাৰীৰ বাবে গৃহ বিভাগৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিয়ে ৷ প্ৰতিবাদৰ অংশ হিচাপে আছু কৰ্মীসকলে কৃষি বিধেয়কৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷ এই সময়ছোৱাত আছু কৰ্মীৰে সৈতে মৃদু বাক-বিতণ্ডাত লিপ্ত হয় স্থানীয় আৰক্ষী ৷
17:45 September 25
বিলাসীপাৰাৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰীৰ পুত্তলিকা
![AASU Protest Against New Agri Bill in assam Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8934407_bila.jpg)
পশ্চিম বিলাসীপাৰা,25 ছেপ্তেম্বৰ: বিলাসীপাৰাতো শুকুৰবাৰৰ দিনটোত কেইবাটাও দল-সংগঠনে মানৱ শৃংখল প্ৰদৰ্শন কৰি কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছু, এজেৱাইচিপি আৰু জিএমডিজেপিৰ যৌথ উদ্যোগত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰা হয় ৷ আনহাতে,মাছপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
17:15 September 25
বিজেপিয়ে মইমতালিৰে ৰাইজক মাধমাৰ শোধাইছে: পৰাগ বৰগোঁহাই
ধেমাজি,25 ছেপ্তেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে তিনিখনকৈ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপৰ শ্বহীদ উদ্যানৰ সন্মুখত এই প্ৰতিলিপি দাহেৰে আছু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপিয়ে কৃষক আৰু সাধাৰণ নাগৰিকক মইমতালিৰে মাধমাৰ শোধাই অহা বুলিও মতপোষণ কৰে প্ৰতিবাদকাৰীসকলে ৷
16:31 September 25
জংগী আন্দোলনৰ হুংকাৰ টিংখাঙত
![AASU Protest Against New Agri Bill in assam Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8934407_ting.jpg)
টিংখাং,25 ছেপ্তেম্বৰ: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত শুকুৰবাৰে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থায়ো সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষক বিৰোধী কৃষি বিধেয়ক 2020 শীঘ্ৰে বাতিলৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে চাউল,দাইল,আলু,পিয়াঁজ আৰু তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। বিধেয়কখন বাতিল নকৰা পৰ্যন্ত তীব্ৰ গণতান্ত্ৰিক আৰু জংগী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷
15:34 September 25
কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি কৃষকসকল
শিৱসাগৰ,25 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জন বিৰোধী নীতিৰে অনিষ্টকাৰী বিধেয়ক জাপি দিব খোজাৰ দাবীত শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাৰ আহ্বানমৰ্মে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই তিনিখনকৈ বিধেয়কৰ প্ৰতিলিপি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) বিল 2020, কৃষকৰ মূল্য সম্পৰ্কীয় (ক্ষমতা আৰু সংৰক্ষণ) চুক্তি, কৃষি সেৱা বিল 2020 আৰু কৃষিজাত দ্ৰব্য উৎপাদন ব্যৱসায় বাণিজ্য বিল 2020 ৰ প্ৰতিলিপি দাহ কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷ শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত আছু কৰ্মীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷