শিৱসাগৰ, 21 মে’: সম্প্ৰতি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বানৰূপে থিয় দিছে । বহিঃৰাজ্যত গৈ যিসকল লোক বিভিন্ন কৰ্মত নিয়োজিত হৈ আছিল সেইসকল লোক এতিয়া পেটৰ তাড়নাত, বাসস্থানৰ অভাৱত নিজ গৃহ ৰাজ্যলৈ ঘূৰি আহিছে । লক ডাউনৰ বাবে বহিঃৰাজ্যত কৰ্মহীন হৈ নিজ ৰাজ্যলৈ উভতি অহা যুৱক-যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে এটি ৱেবচাইটো মুকলি কৰা হয় ।
শিৱসাগৰ জিলা পৰিষদৰ পুৰণি কাৰ্য্যালয়ৰ সভাগৃহত বুধবাৰে বিয়লি শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতে শুভাৰম্ভ কৰে www.helpyouthassam.in নামৰ এই বিশেষ ৱেব চাইটটো । অনুষ্ঠানটোত উপস্থিত থাকে গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ প্ৰকল্প প্ৰৱন্ধক ড0 সুৰজজ্যোতি গগৈ । লগতে অনুষ্ঠানটোৰ আঁত ধৰে হেল্প য়ুথ আচামৰ হৈ দেৱজ্যোতি বৰুৱাই ।
লক ডাউন, সামাজিক ব্যৱধান মানি চলি সীমিত মানুহৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোত কৰ্মবিমুখ হৈ পৰা অসমৰ যুৱক-যুৱতী সকলক কর্মদক্ষতাৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত কৰ্মত নিয়োজিত কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: উত্তৰ-পুৰ্বাঞ্চল অভিমুখে দ্ৰুতগতিত আহি আছে আম্ফান !