ETV Bharat / state

বিলুপ্তপ্ৰায় মুখাশিল্পৰ সাধনাত এগৰাকী কিশোৰ - আপুৰুগীয়া মুখাশিল্প

এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ মৌচম বিকাশ নেওগৰ মুখা নিৰ্মাণৰ শিল্পকৰ্মই আশাৰ বতৰা কঢ়িয়াই আনিছে হেৰাই যাবলৈ ধৰা আপুৰুগীয়া মুখাশিল্পৰ ক্ষেত্ৰখনত ।

a new hope brings to the imperilled mask making culture of assam

author img

By

Published : May 4, 2020, 10:32 AM IST

আমগুৰি, 4 মে': মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অন্যতম অৱদান হ'ল ভাওনা । ভাওনা সংস্কৃতিৰ লগতে সংপৃক্ত হৈ আছে আপুৰুগীয়া মুখাশিল্প । যি ভাওনাৰ এক গুৰুত্বপূৰ্ণ অংগ । সাম্প্ৰতিক সময়ত মুখাশিল্পীৰ সংখ্যা ক্ৰমান্বয়ে তাকৰ হ'বলৈ ধৰিছে যদিও, দিখৌমুখ কালুগাঁও নকটানিৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ, মৌচম বিকাশ নেওগৰ মুখা নিৰ্মাণৰ শিল্পকৰ্মই আশাৰ বতৰা কঢ়িয়াই আনিছে ।

মুখাশিল্পৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী কিশোৰে

উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি মুখাশিল্পৰ লগত জড়িত হৈ আছে মৌচম বিকাশ নেওগ নামৰ কিশোৰজন । ৰাৱণ, জটায়ু, গৰুড়ৰ মুখাকে ধৰি ময়ুৰ, বকাসুৰ আদি বিভিন্ন আকৃতিৰ মুখা নিৰ্মাণ কৰি আহিছে বিকাশে । বিশেষকৈ লক্ ডাউনৰ সময়চোৱাত সময়ৰ অপব্যৱহাৰ নকৰি মুখাশিল্প নিৰ্মাণতে নিজকে ব্যস্ত ৰাখিছে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে ।

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : সুধাকণ্ঠক উদ্ধাৰ বাবে আহিল উদ্ধাৰকাৰী দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.