আমগুৰি, ১৬ জুন : আমগুৰিৰ আবকাৰী বিভাগ(Amguri Excise Department)ৰ চুলাই বিৰোধী অভিযান ৷ অঞ্চলটোৰ কেইবাটাও প্ৰান্তত কিছুদিনৰ পৰা মাটিৰ তলত, ঘৰৰ ভিতৰত লুকুৱাই ৰখা ড্ৰামত উদ্ধাৰ হৈছে হাজাৰ হাজাৰ লিটাৰ চুলাই ৷ শেহতীয়াকৈ দেওৰজা মানটনীয়াত আবকাৰী বিভাগ(Amguri Excise Department)ৰ অভিযানত মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰিছে বহু হাজাৰ লিটাৰৰ বিষাক্ত চুলাই ৷

মানটনীয়াত আবকাৰী বিভাগে নষ্ট কৰিছে ৩০০০ লিটাৰ চুলাই ৷ অস্বাস্থ্যকৰভাৱে চুলাই বেপাৰীয়ে প্ৰস্তুত কৰি আহিছে বৰবিহসদৃশ চুলাই । উল্লেখ্য যে, আমগুৰি আৰক্ষী(Amguri police)য়ে বিভিন্ন অঞ্চলত অভিযান চলাই আহিছে যদিও একাংশ চুলাই বেপাৰীয়ে কোনো কেৰেপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক : দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী