শিৱসাগৰ, ১৫ মে': শুকুৰবাৰে চেন্নাইত থকা ২৬ গৰাকী অসমীয়া ঘূৰি আহিল গৃহ জিলা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউলৈ । চেন্নাইৰ পৰা ৰে'ল যোগে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ব্যক্তি কেইজনক বিশেষ বাছৰ জৰিয়তে শুকুৰবাৰে নিজ গৃহ জিলালৈ অনাৰ ব্যৱস্থা কৰে প্ৰশাসনৰ তৰফৰ পৰা ।
![শিৱসাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-15th-may-802-chennai-qurantain-7203499_15052020161104_1505f_1589539264_444.png)
উল্লেখ্য যে, চেন্নাইৰ পৰা অসমলৈ অহা সকলৰ ১৩ গৰাকী যোৰহাটৰ, ৯ গৰাকী শিৱসাগৰৰ আৰু ৪ গৰাকী চৰাইদেউ জিলাৰ । ২৬ জনৰ ভিতৰত এগৰাকী মহিলা আৰু এটি শিশুও আছে । গোটেই কেইজনকে বাধ্যতামূলক কোৱাৰাণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।
![শিৱসাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-15th-may-802-chennai-qurantain-7203499_15052020161104_1505f_1589539264_901.png)