শিৱসাগৰ, ১৯ জুলাইঃ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । শনিবাৰে জিলা স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ ২৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে মহামাৰী COVID-19ৰ উপস্থিতি । নতুনকৈ চিনাক্ত হোৱা COVID-19 আক্ৰান্ত হোৱা ব্যক্তিসকল শিৱসাগৰৰ জাঁজী, আমগুৰি, খেলুৱা আৰু নাজিৰাৰ বুলি জানিব পৰা গৈছে ।
আনহাতে, শনিবাৰে নতুনকৈ COVID-19ত আক্ৰান্ত হোৱা ২৩ গৰাকীকে ধৰি জিলাখনত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ ১৭০ গৰাকী । তাৰ ভিতৰত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৯৭ গৰাকী ৷ তাৰোপৰি জিলাখনৰ আমগুৰি ৰাজহ চক্ৰ এলেকাত বৃদ্ধি পাইছে COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰে নতুনকৈ চিনাক্ত হোৱা ২৩ গৰাকীৰ ভিতৰত ১০ গৰাকী মহিলা আৰু ৩ জন শিশু । ইয়াৰে ১৮ গৰাকী আমগুৰিৰ, ২ গৰাকী খেলুৱাৰ, ২ গৰাকী ডিমৌৰ আৰু এগৰাকী নাজিৰাৰ ৷