ETV Bharat / state

শিৱসাগৰৰ কৌমুদালয়ৰ পৰা নিৰুদ্দেশ দুই কিশোৰী

author img

By

Published : Apr 29, 2019, 1:03 PM IST

শিৱসাগৰৰ শিশুগৃহত অঘটন ৷ শিশুগৃহৰ পৰা নিৰুদ্দেশ দুই কিশোৰী ৷ ২৩ এপ্ৰিলৰ পৰাই সন্ধানহীন কিশোৰী দুগৰাকী ৷ কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনাটো গাপ দিয়াৰ অভিযোগ পৰিয়ালৰ ৷

শিৱসাগৰৰ শিশু গৃহত অঘটন

শিৱসাগৰ, 29 এপ্ৰিল : শিৱসাগৰৰ কৌমুদালয় শিশু গৃহত অঘটন ৷ কৌমুদালয়ৰ পৰা নিৰুদ্দিষ্ট দুই কিশোৰী ৷ ২৩ এপ্ৰিলৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰী দুগৰাকী ৷ দুগৰাকীকৈ কিশোৰী নিৰুদ্দেশৰ হৈ থকা ঘটনাক গোপনে ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ কৌমুদালয় আৰু আহানাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৷ নিৰুদ্দিষ্ট কিশোৰীৰ পিতৃকো দিয়া হোৱা নাছিল কন্যা সন্ধানহীন হোৱাৰ খবৰ ৷ ফলত শিশুগৃহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নিৰুদ্দিষ্ট কিশোৰীৰ পিতৃ তথা পৰিয়াল ৷ কৌমুদালয়ৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীৰ পিতৃয়ে ৷

শিৱসাগৰৰ শিশু গৃহত অঘটন

ইপিনে কৌমুদালয় কৰ্তৃপক্ষই ঘটনা সম্পৰ্কত আৰক্ষীৰ লগতে ওচৰ-চুবুৰীয়াক ঘটনা সম্পৰ্কত অৱগত কৰি নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীক বিচাৰ-খোচাৰ হৈছিল বুলি মত প্ৰকাশ কৰে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.