ETV Bharat / state

Asam Sahitya Sabha : দৰজে ঠংচিক ভোটেৰে পৰাস্ত কৰি সভাপতিৰ পদত সূৰ্যকান্ত হাজৰিকা - Writer Yeshe Dorjee Thongchi

জন্মগতভাৱে অৰুণাচল প্ৰদেশৰ বাসিন্দা হৈ অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াই অহা য়েছে দৰজে ঠংচিক পৰাস্ত কৰি অসম সাহিত্য সভাৰ সভাপতিৰ পদত জয়ী হ’ল ড৹ সূৰ্যকান্ত হাজৰিকা (Writer Surjya Kanta Hazarika)৷ আনহাতে উপ-সভাপতিৰ পদত গিৰীশ সন্দিকৈ জয়ী হোৱাৰ লগতে প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷

Asam Sahitya Sabha
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
author img

By

Published : Dec 24, 2022, 8:47 PM IST

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

নলবাৰী, 24 ডিচেম্বৰ : অসম সাহিত্য সভাৰ তিনিটাকৈ পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনা কৰা হ’ল শনিবাৰে ৷ নলবাৰী জিলা গ্ৰন্থাগাৰৰ সভাকক্ষত নখনকৈ টেবুলত অৱসৰী বিচাৰপতি হৰেন্দ্ৰনাথ বৰাৰ নেতৃত্বত আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়াত সভাপতি পদত জয়ী হ'ল ড৹ সূৰ্যকান্ত হাজৰিকা(Writer Surjya Kanta Hazarika), উপ-সভাপতি পদত গিৰিশ সন্দিকৈ আৰু প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷

সভাপতি পদত জয়ী হোৱা ড৹ সূৰ্যকান্ত হাজৰিকাই লাভ কৰে মুঠ ৩৩৫ টা ভোট ৷ উল্লেখ্য যে, অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ নিৰ্বাচনত ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৷ আনহাতে উপ-সভাপতি পদত শেষ হাঁহি মাৰিলে গিৰীশ সন্দিকৈয়ে ৷ গিৰীশ সন্দিকৈয়ে লাভ কৰে মুঠ ৩৪৩ টা ভোট ৷ আনহাতে প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷ উপেন্দ্ৰজিৎ শৰ্মাই লাভ কৰে মুঠ ৩১৬ টা ভোট (Asam Sahitya Sabha result)৷

উল্লেখ্য যে, ২০২৩-২৫ বৰ্ষৰ বাবে নিৰ্বাচিত হ'বলগা সাহিত্য সভাৰ সমিতিখনৰ বাবে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । উক্ত নিৰ্বাচনৰ সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল য়েছে দৰছি ঠংচি(Writer Yeshe Dorjee Thongchi), ড৹ সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই । উপ-সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা আৰু গোবিন্দ তালুকদাৰে ।

আনহাতে প্ৰধান সম্পাদকৰ পদত ড৹ উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ চন্দ্ৰ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দ বৰাই আগবঢ়াইছিল প্ৰতিদ্বন্দিতা । উল্লেখ্য যে মুঠ ৭৪৮ টা শাখাৰ ৭৩৪ টা ভোটে নিৰ্ধাৰণ কৰিছিল জাতীয় অনুষ্ঠানটোৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া ৷

অসম সাহিত্য সভাৰ ৭৪৮ টা শাখাৰ ৭৩৪ টা শাখাই এই নিৰ্বাচনত ভোটদান কৰিছিল ৷ ৪১ শাখা এই ভোটদানৰ পৰা বিৰত আছিল ৷ পৰৱৰ্তী লখিমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া সাহিত্য অভাৰ পূৰ্ণাংগ অধিৱেশনত কাৰ্যভাৰ গ্ৰহণ কৰিব এই তিনিওজন বিজয়ী প্ৰাৰ্থীয়ে (Assam Sahitya Sabha Narayanpur Session) ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ 2023-25 বৰ্ষৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থীৰ প্ৰসংগত সৰৱ চৰ্চা হৈছি অৰুণাচল প্ৰদেশৰ য়েছে দৰজে ঠংচিৰ নাম ৷ অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত বিশিষ্ট সাহিত্যিকগৰাকীয়ে আগবঢ়োৱা বিশেষ বৰঙণিৰ প্ৰতি সন্মান জনাই একাংশ লোকে আশা কৰিছিল য়েছে দৰছি ঠংচিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰাটো (Yeshe Dorjee Thongchi Assamese book)৷

2023-25 বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বেও বহুবাৰ অসমীয়া সাহাত্যানুৰাগীয়ে ঠংচিক সাহিত্য সভাৰ সভাপতি হিচাবে বিচাৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ অসমীয়া সাহিত্যানুৰাগীৰ আহ্বানৰ প্ৰতি সন্মান জনাই য়েছে দৰজে ঠংচি অৱৰ্তীৰ্ণ হৈছিল 2023-25 বৰ্ষৰ নিৰ্বাচনত ৷ অৱশেষত শনিবাৰে ঘোষণা কৰা ফলাফলত ৩৩৫ টা ভোট লাভ কৰি সভাপতি পদত জয়ী হয় ড৹ সূৰ্যকান্ত হাজৰিকা ৷

লগতে পঢ়ক: Sahitya Sabha President: ড৹ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাবে নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.