ETV Bharat / state

বিষ্ণু বন্দনাৰে মুখৰিত নলবাৰীৰ সভা মহোৎসৱ - বৰভাগ

নলবাৰীৰ বৰভাগৰ ক্ষুদ্ৰকুলহাটী গাঁৱৰ সভা মহোৎসৱক লৈ উখল-মাখল পৰিৱেশ ৷ বিষ্ণু বন্দনাৰে মুখৰিত হৈ পৰে বিষ্ণু মন্দিৰৰ প্ৰাংগণ ৷

xabha-mahotsav
নলবাৰীত সভা মহোৎসৱ
author img

By

Published : Feb 7, 2021, 9:55 PM IST

নলবাৰী,7 ফেব্ৰুৱাৰী : পবিত্ৰ মাঘ মাহ উপলক্ষে উখল-মাখল হৈ পৰিছে ৰাজ্যৰ সভা মহোৎসৱসমূহ ৷ নলবাৰীতো সভা মহোৎসৱক লৈ শনিবাৰৰ পৰা দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷

লোকে লোকাৰণ্য হৈ পৰিছে নলবাৰীৰ বৰভাগৰ ক্ষুদ্ৰকুলহাটী গাঁৱৰ সভা মহোৎসৱ থলী । ৰাইজৰ শান্তি আৰু মংগল কামনাৰ্থে গাঁওখনৰ বিষ্ণু মন্দিৰত বিগত 350 বছৰ ধৰি গাঁওবাসীয়ে অনুষ্ঠিত কৰি আহিছে সভা মহোৎসৱ ৷

xabha-mahotsav
নলবাৰীত সভা মহোৎসৱ

দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই সভা মহোৎসৱৰ দেওবাৰে সামৰণিৰ দিনা মন্দিৰৰ প্ৰাংগণ বিষ্ণু বন্দনাৰে হৈ পৰে মুখৰিত । উল্লেখ্য যে, ইতিহাস বিজড়িত এই মন্দিৰত ভক্তই নৈবেদ্য আগবঢ়ালে মনোকামনা পূৰণ হয় বুলি চলি আহিছে এক জনশ্ৰুতি ।

উক্ত সভা মহোৎসৱখনিত সকলোকে ধূপ, নৈবেদ্য, শৰাই আগবঢ়াই মনৰ শান্তি কামনা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.