নলবাৰী, ২৮ ডিচেম্বৰ : নলবাৰীত স্বেচ্ছাসেৱী সংস্থা সৃষ্টি মাল্টি ডেভেলপমেণ্ট অৰ্গেনাইজেছনৰ উদ্যোগত অনুষ্ঠিত হয় এখন সজাগতা সভা আৰু সম্বৰ্ন্ধনা অনুষ্ঠান । মহিলা সবলীকৰণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই সভা অনুষ্ঠিত কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে । নলবাৰীৰ শংকৰদেৱ শিশু নিকেতন চেংনৈত সভাখন অনুষ্ঠিত হয় । অৱসৰপ্ৰাপ্ত শিক্ষক চানাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে সৃষ্টি সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল ৰাজবংশীয়ে ।
উক্ত সজাগতা সভাত ডাঃ নয়নজ্যোতি বৰ্মন, পশু চিকিৎসক সুৰেন্দ্ৰ শৰ্মা, সমাজকৰ্মী অনিল কলিতা, মনোৰঞ্জন ভাগৱতীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উক্ত অনুষ্ঠানতে অঞ্চলটোৰ কৃতি শিক্ষক ক্ৰমে দেৱেন্দ্ৰ কলিতা, দধীৰাম কলিতা, ত্রৈলোক্য গোস্বামী, লাৱেন্য গোস্বামী, সমাজকৰ্মী মহেন্দ্ৰ হালৈক ফুলাম গামোচা, জাপি আৰু মানপত্রৰে সম্বৰ্ন্ধনা জনোৱা হয় ।
লগতে পঢ়ক:ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক