ETV Bharat / state

Artistes are busy in making japi: জাপি নিৰ্মাণত ব্যস্ত নলবাৰীৰ কেইবাখনো গাঁৱৰ ৰাইজ

author img

By

Published : Mar 27, 2023, 10:52 PM IST

ৰঙালী বিহুলৈ মাজত এমাহো নাই । তেনেসময়ত ব্যস্ততা বাঢ়িছে বিহুৱা-বিহুৱতীৰ উপৰিও শিপিনী তথা জাপি শিল্পীসকলৰ । বিগত বহু বছৰ ধৰি জাপি শিল্পৰ সৈতে জৰিত নলবাৰীৰ কেইবাখনো গাঁৱৰ ৰাইজো ব্যস্ত হৈ পৰিছে জাপি নিৰ্মাণ কৰাত (Traditional artistes are busy in making japi) ।

Traditional artistes are busy in making japi
জাপি নিৰ্মাণত ব্যস্ত নলবাৰীৰ কেইবাখনো গাঁৱৰ ৰাইজ

নলবাৰী,২৭ মাৰ্চ: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী । ৰাজ্যৰ চৌদিশ মুখৰিত হৈছে ঢোল-পেঁপাৰ শব্দত । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ উজনি-নামনিত । এফালে যদি তাঁতশালত মাকোৰ খিতখিতনি আনফালে আকৌ নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে আঁহতৰ তল । সমানে সমানে ব্যস্ততা বাঢ়িছে জাপি শিল্পীসকলৰো (Assamese Japi industry) ।

বিহুৱতী তথা বিহু কমিটীসমূহক জাপিৰ যোগান ধৰিবলৈ সাজু হৈ পৰিছে জাপি শিল্পীসকল । ব্যতিক্ৰম নহয় নলবাৰীৰ জাপি শিল্পীসকলো । ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত যথেষ্ট ব্যস্ততা বাঢ়িছে নলবাৰীৰ কেইবাখনো গাঁৱৰ জাপি শিল্পীসকলৰ (Traditional artistes are busy in making japi) । বিহুৰ প্ৰাকক্ষণত দিনে নিশাই জাপি সজোৱাত ব্যস্ত হৈ পৰিছে নলবাৰীৰ কেইবাখনো গাঁৱৰ ৰাইজ । বাহ-বেঁতৰ শিল্প কলাৰে জড়িত নলবাৰীৰ ৫/৬ খনকৈ গাঁৱৰ ৰাইজৰ গাত এতিয়া তৎ নাইকীয়া পৰিৱেশ (Bamboo and cane culture of Assam) ৷

লগতে পঢ়ক: Teenage painter in limelight : গামোচাত দশাৱতাৰ অংকন কৰি চৰ্চাত এগৰাকী কিশোৰী

কাৰণ বিহুটি আহিলেই সমাদৰ বৃদ্ধি পায় ফুলাম জাপিৰ । অসমীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাহক এই ফুলাম জাপি তৈয়াৰত এতিয়া ব্যস্ত নলবাৰীৰ বালা-মুগকুচি গাঁৱৰ জাপি শিল্পী সকল । দৈনিক তেওঁলোকে সাজি উলিয়াইছে হাজাৰ হাজাৰ ফুলাম জাপিৰ লগতে হালোৱা জাপি । এই জাপিৰ চাহিদা অসমৰ লগতে দিল্লী, কলকাতা, মুম্বাই আদি বহিঃৰাজ্যতো বৃদ্ধি পাইছে ।

উল্লেখযোগ্য যে, এইসকল প্ৰকৃত জাপি শিল্পীৰ বিপৰীতে এচাম মধ্যভোগীয়েহে চৰকাৰী সাহায্য লাভ কৰাত ক্ষোভিত হৈ পৰিছে প্ৰকৃত জাপি শিল্পীসকল । এই বালা-মুগ কুচি গাঁৱৰ লগতে, টি লানা, কৰদৈতলা, সুতাৰকুচি, দিঘেলী, জাপাৰকুচি গাঁওকেইখনতো দৈনিক হাজাৰ হাজাৰ ফুলাম জাপি তৈয়াৰ কৰি থকা হৈছে । সেয়েহে ৰঙালী বিহু আহিলেই এই সকল জাপি শিল্পী আনন্দত আত্মহাৰা হৈ পৰে ।

লগতে পঢ়ক: Swanirbhar Nari scheme: হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.