শিল্পী কল্যাণকামী আচঁনিৰ পৰা বহু দূৰৈত এসময়ৰ ভাম্যমাণ শিল্পী.... - নলবাৰীৰ ধীৰেশ্বৰ প্ৰনিতাৰ দৈন্যতা
১৯৮৩ চনতে ভাগ্যদেৱী থিয়েটাৰত নৃত্য শিল্পী হিচাপে কাম কৰা ধীৰেশ্বৰ কলিতাই বৰ্তমান আনৰ গাড়ী চলাই কোনোমতে জীৱন চলাইছে ৷ কহিনুৰ,শংকৰদেৱ বৰদৈচিলাৰ লগতে কেবাখনো ভাম্যমাণত নৃত্য নাতিকাৰ শিল্পী হিচাপে কাম কৰিছিল ধীৰেশ্বৰ কলিতাই ৷

নলবাৰী, 23 ফেব্ৰুৱাৰীঃ চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা-কুশলীৰ বাবে কেতবোৰ কল্যাণকামী আঁচনি লোৱাৰ পাছতো দৈন্যতাত ভূগিছে এটা শিল্পী দম্পত্তি ৷ নলবাৰী বিষ্ণুখাটৰ ধীৰেশ্বৰ কলিতা আৰু প্ৰণীতা কলিতাই জীৱনযোৰা সাধনাৰ পিছত এতিয়া বাস কৰি আছে এটা ভগা ভাৰাঘৰত ৷ আনৰ গাড়ী চলাই দুবেলা দুমঠি আৰু সন্তাৰ পৰিচৰ্যা কৰিবলগীয়া হৈছে ৷ বিগত প্ৰায় 26 বছৰে নৃত্য, অভিনয় আৰু সংলাপেৰে দৰ্শকক আকৰ্ষিত কৰা শিল্পীহালৰ জৰ্জৰিত অৱস্থাৰ খবৰ ল'বলৈও সময় নাই কাৰো ৷
১৯৮৩ চনতে ভাগ্যদেৱী থিয়েটাৰত নৃত্য শিল্পী হিচাপে কাম কৰা ধীৰেশ্বৰ কলিতাই বৰ্তমান আনৰ গাড়ী চলাই কোনোমতে জীৱন চলাইছে ৷ কহিনুৰ, শংকৰদেৱ বৰদৈচিলাৰ লগতে কেবাখনো ভাম্যমাণত নৃত্য নাতিকাৰ শিল্পী হিচাপে কাম কৰিছিল ধীৰেশ্বৰ কলিতাই ৷ তেওঁৰ লগতে পত্নী প্ৰনিতা কলিতয়ো একাধাৰে কেবাখনো থিয়েটাৰত শিশু শিল্পীৰ পৰা কাম কৰাৰ লগতে পৰৱৰ্তী সময়ত বহু কেইখন নাটকত কাম কৰিছিল ৷ থিয়েটাৰৰ লগত জড়িত থকাৰ সময়ছোৱাতে প্ৰেম বিবাহ কৰে শিল্পীদ্বয়ে ৷
লগতে পঢ়কঃ ক’ৰোণা ভাইৰাছৰ সংহাৰঃ চীনত মৃত্যুৰ সংখ্যা 2,386 লৈ বৃদ্ধি
বিবাহৰ পিছতে কেবাজনো শিল্পীৰ জীৱনৰ দুৰাৱস্থা দেখি ব্যথিত আৰু চিন্তিত হৈ ভ্ৰাম্যমাণ জগতৰ পৰা বিদায় লৈছিল কলিতা দম্পত্তিয়ে ৷ কিন্তু বৰ্তমান আৰ্থিক অভাৱৰ বাবে একমাত্ৰ সন্তানটোক কিতাপ-কাগজ যোগান দিবলৈও অংক নিমিলা হৈছে ধীৰেশ্বৰ কলিতা আৰু পত্নীৰ ৷
ভ্ৰাম্যমাণ জগতত জীৱনৰ সোণোৱালী সময় কটোৱা শিল্পীদ্বয়ে চৰম আৰ্থিক সংকটত শিল্পী পেঞ্চনৰ কথা বাদেই চৰকাৰৰ পৰা আজি পৰ্যন্ত পোৱা নাই কোনো সাহাৰ্য ৷ সেয়ে ৰাজ্য চৰকাৰৰ চলচিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰালৈ সহায়ৰ আহ্বান জনাইছে ধীৰেশ্বৰ কলিতাই ৷