ETV Bharat / state

দীপাৱলী উপলক্ষে ব্যাপক ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল - সাতামপুৰুষীয়া

দীপাৱলী উপলক্ষে মৃৎ শিল্পীৰ ব্যস্ততা ৷ বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰিছে শিল্পীসকলে ৷

the-potters-of-the-state-are-very-busy-on-the-occasion-of-diwali
দীপাৱলী উপলক্ষে ব্যাপক ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল
author img

By

Published : Nov 8, 2020, 2:34 PM IST

কৰিমগঞ্জ/ নলবাৰী, 8 নৱেম্বৰ : সমাগত দীপাৱলীক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল ৷ বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ দীপাৱলী উপলক্ষে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এগৰাকী মৃৎ শিল্পীয়ে প্ৰস্তুত কৰিছে ভিন্ন আকৃতিৰ সামগ্ৰী ৷ বৰ্তমান আধুনিকতাৰ বাবে চীনত নিৰ্মিত সামগ্ৰীৰ বাবে মাটিৰ চাকিৰ চাহিদা কমিছে যদিও দীৰ্ঘ সময়ৰ পৰাই তেওঁলোকে এই বৃত্তিত নিয়োজিত হৈ আছে বুলি জানিবলৈ দিয়ে ৷

মৃৎ শিল্পীৰ ব্যস্ততা

লগতে পঢ়ক : ডিব্ৰুগড়ত বজাৰ নিয়ন্ত্ৰণত নামিছে যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া

আনহাতে, নলবাৰীতো ব্যাপক ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ নলবাৰীৰ চামতাৰ হীৰাপাৰাত লাখ লাখ মাটিৰ চাকি প্ৰস্তুত কৰিছে শিল্পীসকলে । সাতামপুৰুষীয়া বৃত্তি অব্যাহত ৰাখি এইসকল পৰিয়ালে নিৰ্মাণ কৰি আহিছে মাটিৰ চাকি ।

মৃৎ শিল্পীৰ ব্যস্ততা

বিভিন্ন পূজা পাৰ্বনত লগা সামগ্ৰীৰ লগতে ঘৰত ব্যৱহাৰ কৰা মাটিৰ পাত্ৰ ,কলহ, টেকেলিৰ লগতে আন সামগ্ৰী সমূহ প্ৰস্তুত কৰি উলিয়াইছে । উল্লেখযোগ্য যে, হীৰাপাৰাৰ এইসকল লোকে দ্বীপৰ বিলৰ পৰা মাটি ক্ৰয় কৰি আনি সামগ্ৰী প্ৰস্তুত কৰি আনি চাকি প্ৰস্তুত কৰে ।

লগতে পঢ়ক : দীপাৱলীক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা কৰিমগঞ্জৰ মৃৎ শিল্পীসকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.