ETV Bharat / state

চীনা সামগ্ৰী বৰ্জনৰ আহ্বান স্বেচ্ছাসেৱী সংগঠন দি গ্ৰীণ গ্লোৱৰ

author img

By

Published : Aug 14, 2020, 1:09 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে নলবাৰীৰ দি গ্ৰীণ গ্লোৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে প্ৰস্তুত কৰি উলিয়াইছে বাঁহ-বেতেৰে নিৰ্মিত বেজ ৷ এই বেজসমূহ স্বাধীনতা দিৱসৰ দিনটোত ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব সংগঠনটোৱে ৷ মূলতঃ ভকেল ফৰ লকেল বোলা বাক্য়শাৰীক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি সংগঠনটোৱে সাজি উলিয়াইছে বেজসমূহ ৷

The Green Globe a voluntary organization has called for boycott of Chinese goods nalbari etv bharat news
চীনা সামগ্ৰী বৰ্জনৰ আহ্বান

নিউজ ডেস্ক,14 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বানৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে দেশৰ নৱপ্ৰজন্মক ৷ চীনা সামগ্ৰীৰ বৰ্জনৰ বিপৰীতে দেশীয় সামগ্ৰী ব্যৱহাৰৰ পৰিকল্পনাৰে প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিছিল আত্ম নিৰ্ভৰ ভাৰত আঁচনি ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগবাঢ়ি আহিছে নলবাৰীৰ দি গ্ৰীণ গ্লোৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটো ৷ দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংগঠনটোৱে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ চহৰখনৰ সমীপৰ বালিকৰীয়াৰ লখিমী বাঁহ-বেত উদ্যোগৰ সৈতে যুটীয়াভাৱে সংগঠনটোৱে জাতীয় পতাকাৰ আৰ্হিত সাজি উলিয়াইছে বাঁহেৰে নিৰ্মিত বেজ ৷ "ভকেল ফৰ লকেল" ক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি বৰ্ধিত প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ সংগঠনটোৱে প্ৰস্তুত কৰি উলিওৱা উক্ত বেজসমূহ পৰিৱেশ অনুকুল হ’ব বুলি জানিবলৈ দিয়ে ৷

বাঁহ-বেতেৰে নিৰ্মিত বেজ প্ৰস্তুত

দি গ্ৰীণ গ্লোৱৰ সভাপতি বিশ্বজিৎ শৰ্মাই প্ৰতিবছৰে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সময়ত চীনত নিৰ্মিত এনেকুৱা ধৰণৰ সামগ্ৰীয়ে বজাৰ দখল কৰে বুলি আক্ষেপেৰে প্ৰকাশ কৰে ৷ সেয়ে এইবেলি চীনা সামগ্ৰী বৰ্জনৰ লক্ষ্যৰে উৎপাদিত এনে সামগ্ৰীয়ে বজাৰ দখল কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দিশতো কিছু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে সভাপতি শৰ্মাই ৷ প্ৰতিবছৰৰ দৰে এইবেলিও স্বেচ্ছাসেৱী সংগঠন দি গ্ৰীণ গ্লোৱে বাঁহ-বেতেৰে নিৰ্মিত এই বেজসমূহ স্বাধীনতা দিৱসৰ দিনটোত জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব ৷

চীনা সামগ্ৰী বৰ্জনৰ আহ্বান

লগতে চাওকঃ যোগাসনৰ জৰিয়তে বিশ্ব অভিলেখ বাক্সাৰ পুষ্কৰ নেৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.