নলবাৰী, 5 চেপ্তেম্বৰ: আজি শিক্ষক দিৱস ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস ৷ কিন্তু সমাজত জ্ঞানৰ পোহৰ বিলোৱা এইসকল শিক্ষকেই যেতিয়া ধনৰ অভাৱত এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰে, সেইটো সমগ্ৰ সমাজৰ বাবেই এক লজ্জাৰ বিষয় হৈ পৰে ৷ নলবাৰী জিলাৰ বৰভাগৰ দুজন শিক্ষকৰ দুৰ্দশাৰ দৃশ্য এইয়া ৷ নলবাৰী জিলাৰ এইখন আৰঈমৌ নমঃশুদ্ৰ প্ৰাথমিক বিদ্যালয় । এই বিদ্যালয়খনত শিক্ষকতা কৰি অহা দুজন শিক্ষক মূলাল শৰ্মা আৰু ধৰণী দাস ৷ ১৯৮৬ চনতে স্থাপন হোৱা বিদ্যালয়ত এসময়ত ১০০ৰো অধিক ছাত্ৰ-ছাএীয়ে শিক্ষাৰ পোহৰ গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত প্ৰাদেশিকৰণ নহ'ল এই বিদ্যালয়খনৰ ৷ যাৰ ফলত বিদ্যালয়খনৰ দুয়োজন শিক্ষকেই বিনা বেতনে শিক্ষকতা কৰি আহিবলগীয়া হৈছে ৷
বিনা বেতনেই মূলাল শৰ্মাই পাৰ কৰিলে জীৱনৰ 33 টা বছৰ ৷ দিন হাজিৰাৰ লগতে নিজ ভাতৃৰ উপাৰ্জনেৰে দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰি গৈছে এইজন শিক্ষকে ৷ আনহাতে একেখন বিদ্যালয়তে শিক্ষকতা কৰি অহা ধৰণী দাসেও হোটেলত চাহ ভাত বিক্ৰি কৰি পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে ৷ আজি শিক্ষক দিৱসৰ দিনা বেতনবহীন শিক্ষকে বঞ্চনাৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে ৷ এনে বহুত শিক্ষকে চৰকাৰী বঞ্চনাৰ বলি হৈ জীৱনৰ সকলোখিনি হেৰুৱাই পেলাইছে ৷ সেয়েহে নিজেই গলি আনক পোহৰ বিলোৱা এইসকল বেতন বিহীন শিক্ষকে কেতিয়াবা ন্যায় পাবনে ?