ETV Bharat / state

মৃত ফালু দাসক বিনাচৰ্তে ভাৰতীয় ঘোষণাৰ দাবীত আঠটাকৈ দল-সংগঠনৰ ধৰ্মঘট - strike

মৃত ফালু দাসক ভাৰতীয় নাগৰিক ঘোষণা কৰাৰ দাবীতে নলবাৰীত ভাৰত মুক্তি মৰ্চা, নলবাৰী জিলা অনুসূচিত জাতি পৰিষদ, নলবাৰী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি আঠটাকৈ সংগঠনে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷

নলবাৰীত আঠটাকৈ দল-সংগঠনৰ ধৰ্মঘট
author img

By

Published : Oct 30, 2019, 5:41 PM IST

নলবাৰী, 30 অক্টোবৰঃ বুধবাৰে নলবাৰীত কেইবাটাও দল-সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে দল সংগঠন কেইটাই । উল্লেখ্য যে, ডিটেনচন কেম্পত বন্দী হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল নলবাৰীৰ মুকালমুৱাৰ ফালু দাস নামৰ ব্যক্তি গৰাকীয়ে ৷ মৃত ফালু দাসক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰাৰ দাবীতে নলবাৰীত ভাৰত মুক্তি মৰ্চা, নলবাৰী জিলা অনুসূচিত জাতি পৰিষদ, নলবাৰী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি আঠটাকৈ সংগঠনে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী সংগঠন কেইটাই মৃত ফালু দাসৰ পৰিয়ালক ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰো দাবী জনায় চৰকাৰক ।

নলবাৰীত আঠটাকৈ দল-সংগঠনৰ ধৰ্মঘট

আনহাতে, প্ৰতিবাদী সংগঠন কেইটাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জিলা উপায়ুক্তৰ জৰিয়তে মৃত ফালু দাসৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

Intro:ফালু দাসক ভাৰতীয় নাগৰিক ঘোষণা কৰাৰ দাবীত অৱস্থান ধৰ্মঘট।Body:ডিটেনচন কেম্পত বন্দী হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লোৱা নলবাৰীৰ মুকালমুৱাৰ ফালু দাসক ভাৰতীয় নাগৰিক ঘোষণা কৰাৰ দাবীত নলবাৰীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় । জিলা উপায়ুক্ত কাৰ্য্যালয় সন্মুখত তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে কেবাটাও দল সংগঠনে । ভাৰত মুক্তি মৰ্চা,নলবাৰী জিলা অনুসূচিত জাতি পৰিষদ,নলবাৰী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা কে ধৰি আঠটাকৈ সংগঠন বহিল তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটত ।প্ৰতিবাদী সংগঠন কেইটাই মৃত ফালু দাসৰ পৰিয়ালক ২৫ লাখ টকা ক্ষতিপুৰণ দিয়াৰো দাবী জনায় চৰকাৰক । আনহাতে প্ৰতিবাদী সংগঠন কেইটাই ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ জিলা উপায়ুক্তৰ জৰিয়তে মৃত ফালু দাসৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

বাইট::Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.