নলবাৰী ১৬ জানুৱাৰী: আজি পহিলা মাঘ (Magh Bihu 2023)। মাঘৰ প্ৰথম দিনটোতেই ৰাজ্য়ৰ বিভিন্ন ঠাইত মঠ-মন্দিৰ, থান আদিত আয়োজন কৰা হৈছে সভা মহোৎসৱ (Sabha Mahotsav in Assam)। এই সভা মহোৎসৱলৈ ভক্তৰ লানি নিছিগা সোঁত বৈছে । এই বিশেষ দিনটোৰে পৰাই নলবাৰীৰ ঐতিহ্যমণ্ডিত দক্ষিণ বাঁহজানী চেৰাবাৰী শ্ৰীশ্ৰী মহাপ্ৰভু বাৰগোপাল থানত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বাৰ্ষিক সভা মহোৎসৱ (Dakshin Bahjani Cherabari Mahaprabhu Baragopal Than) । ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছ ।
উল্লেখ্য় যে জিলাখনৰ চেৰাবাৰী মহাপ্ৰভু বাৰগোপাল থানত আৰম্ভ হোৱা ৩৬ সংখ্যক বাৰ্ষিক সভা মহোৎসৱত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Sri Sri Baragopal Sabha Mahotsav)। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰা হয় । বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা এই সভা মহোৎসৱত মহাপ্ৰভুৰ প্ৰভাত ফেৰীৰ লগতে বাৰটি শিশুক বাৰগোপালৰ ৰূপত সজাই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural procession in Bahjani)। উক্ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট লেখক ডাঃ সমৰ তালুকদাৰে । তেওঁ এই সভা মহোৎসৱৰ জৰিয়তে সকলোৰে মাজত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় হ'ব বুলি আশা প্ৰকাশ কৰে ।
উক্ত বাৰগোপাল থানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইও সেৱা লৈ সকলোৰে মংগল কামনা কৰে (Minister Jayantamalla Baruah)। মন্ত্ৰীগৰাকীয়ে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ মাঘ মাহৰ প্ৰথমটো দিনাৰে পৰা অসমখন একেলগে আগুৱাই নিবলৈ চৰকাৰে সংকল্প লোৱা বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে । পৰ্যটন ক্ষেত্ৰতো গ্ৰাম্য পৰ্যায়ৰ পৰা আগুৱাই নিবলৈ যথেষ্ট কাম আৰম্ভ কৰা বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । আগন্তক ৫ৰ পৰা ১০ বছৰৰ ভিতৰত পৰ্যটনেই দেশৰ অৰ্থনীতিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।
নলবাৰীৰ এইখন মহাপ্ৰভু থানৰ বহুতো মাহাত্ম্য় থকাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে । সমিতিয়ে উল্লেখ কৰা মতে, বহু দূৰ-দূৰণিৰ পৰা দৈনিক সহস্ৰাধিক ভক্তৰ সমাগম হয় এইখন থানখনত । বাৰগোপাল থানক লৈ ৰাইজৰ মাজত এক লোক বিশ্বাস প্ৰচলিত হৈ আহিছে । প্ৰভুৰ শ্ৰী চৰণত যি কামনা লৈ সেৱা জনোৱা হয় তাকেই পূৰ্ণ হয় বুলি ৰাইজে বিশ্বাস কৰি আহিছে । সভা মহোৎসৱত পুৱাৰে পৰা বহু ভক্তই প্ৰভুৰ ওচৰত সেৱা লয় ।
লগতে পঢ়ক: Union Budget 2023: মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নহয় বাজেটত; সীতাৰমণৰ আশ্বাস