নলবাৰী,27 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে নলবাৰীৰ পূৱ কালাকুছি হাইস্কুলত অনুষ্ঠিত কৰা হয় এখনি সভা ৷ এই সভাতে ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ উদ্যোগত নলবাৰীৰ পূৱ কালাকুছি হাইস্কুলত সৌৰশক্তি চালিত লেম্প বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত ডেপুটি কমাণ্ডেণ্ট বিজয় কুমাৰ মালিক, চিকিৎসক ৰবীন লাকৰা, কমাণ্ডেণ্ট বীৰন্দ্ৰ সিং সহ চিআৰপিএফ বাহিনীৰ বিষয়ববীয়া আৰু জোৱানৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।

কেৱল চলাৰ লেম্পে নহয়; বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে যাতে বিশুদ্ধ পানী সেৱন কৰিব পাৰে তাৰ বাবে এটি পানীৰ আৰ.ও (R.O.) চিষ্টেমো প্ৰদান কৰে চিআৰপিএফে । পূৱ কালাকুছি হাইস্কুলত প্ৰদান কৰা পানীৰ এই আৰ.ও (R.O.) চিষ্টেমটো এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে মুকলি কৰে ১৩৬ নং বেটেলিয়ন কমাণ্ডেণ্ট পি চি চৌহানে ।

চিআৰপিএফ-ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত পূৱ কালাকুছি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা, গীত-নৃত্য আদি পৰিৱেশন কৰে ।