ETV Bharat / state

ক’ত শাসকীয় দলৰ দুই টিকট প্ৰত্যাশীৰ সমৰ্থকৰ শীতল যুদ্ধ?

নলবাৰীত টিকটক লৈ চ'ছিয়েল মিডিয়াত শীতল যুদ্ধ ৷ বিধায়কৰ সমৰ্থনত প’ষ্ট একাংশৰ ৷ আনহাতে আন একাংশৰ সেই প’ষ্টক লৈ কটু বাক্য ৷

author img

By

Published : Feb 9, 2021, 10:40 PM IST

social-media-controversy-in-nalbari
শাসকীয় দলৰ দুই টিকট প্ৰত্যাশীৰ সমৰ্থকৰ মাজত নলবাৰীত শীতল যুদ্ধ

নলবাৰী, 9 ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ শাসক-বিৰোধীৰ মাজত নিৰ্বাচন কেন্দ্ৰিক যুঁজ ক্ৰমাৎ গৰম হৈ উঠিছে ৷ আনকি, শাসকীয় দলৰ মাজতো টিকটৰ বাবে এক প্ৰকাৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে কিছুদিন পূৰ্বে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই নলবাৰীত এখন সভাত অংশগ্ৰহণ কৰি যদি দলে সুবিধা দিয়ে পুনৰবাৰ নলবাৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই ঘোষণাৰ পিছতে বৰ্তমান সামাজিক মাধ্যমত শীতল যুদ্ধৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

নলবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ সমৰ্থনত একাংশ সমৰ্থকে সামাজিক মাধ্যমত প’ষ্ট কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, আন একাংশই জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত প’ষ্ট কৰিছে ৷ কেৱল এয়াই নহয় আক্ৰমণাত্মক মন্তব্যৰে দুয়োগৰাকী নেতাৰ সমৰ্থকে বিভিন্ন প’ষ্ট কৰা দেখিবলৈ পোৱা গৈছে ৷

উক্ত ঘটনা সন্দৰ্ভত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক : কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.