ETV Bharat / state

Session of Jatiya Yuv Shakti : জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা অধিৱেশনৰ সামৰণি

চামতাত জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা অধিৱেশন সম্পন্ন (Jatiya Yuv Shakti)। ইয়াৰ সৈতে সংগতি ৰাখি এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় । এই সভাত অসম জাতীয় পৰিষদক আগন্তুক দিনত অধিক শক্তিশালী কৰিবলৈ বিভিন্ন দিশত আলোচনা কৰা হয় ।

Nalbari District Convention of Jatiya Yuv Shakti at Chamata
জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা অধিৱেশন
author img

By

Published : Feb 26, 2023, 10:07 PM IST

জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা অধিৱেশনৰ সামৰণি

নলবাৰী, ২৬ ফেব্ৰুৱাৰী: অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা অধিৱেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চামতা ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় (Nalbari District Convention of Jatiya Yuv Shakti at Chamata) ৷ পুৱা পতাকা উত্তোলেনেৰে অধিৱেশনখনৰ কাৰ্যসূচীৰ আৰম্ভ হয় । এই অধিৱেশনখনিত পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি সুৰেন শৰ্মাই । আনহাতে,ইয়াৰ পিছতেই শ্বহীদ তৰ্পন কৰে শৰত কলিতাই ।

কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত নলবাৰী জিলা সভাপতি সুৰেন শৰ্মাৰ সভাপতিত্বত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনৰ শুভ উদ্বোধন কৰে জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সম্পাদক অমল ডেকাই । এই সভাখনত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গিৰীণ তালুকদাৰ ,অসম জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকীমনি বৰুৱা ,সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন ,জাতীয় মহিলা শক্তি যুটীয়া সম্পাদিকা কবিতা ডেকা ,কৃষক শক্তি শান্তনু কলিতাৰ উপৰিও কেইবাগৰাকীও নেতা উপস্থিত থাকে । এই নেতা কেইগৰাকীয়ে অসম জাতীয় পৰিষদক আগন্তুক দিনত অধিক শক্তিশালী কৰা সন্দৰ্ভত বিভিন্ন দিশত আলোচনা কৰে (Assam Jatiya Parishad)।

এই সভাখনত উপস্থিত থকা অসম জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকীমণি বৰুৱাই বিজেপি নেতৃত্বধীন চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । জাতীয় যুৱশক্তিৰ সভানেত্ৰী গৰাকীয়ে কয় যে বিজেপি চৰকাৰে ভয় ভাবুকৰিৰে চৰকাৰ চলাই আছে ৷ জনতাক ভয় ভাবুকিৰে শোষণ চলাই আছে বিজেপিয়ে । তেওঁ পুনৰ কয় যে বিজেপিৰ শাসনকালত জনতা ৰাজপথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে । তেওঁ ইয়াৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়।

বিজেপি চৰকাৰৰ দিনত দেশ তথা ৰাজ্যত গুপ্ত হত্যাতকৈ মুক্ত হত্যাই চৰম সীমা চেৰাইছে । আনহাতে, অসমৰ আঞ্চলিক দল বুলি দম্ভালি মৰা অসম গণ পৰিষদ সন্দৰ্ভতো লাকীমণি বৰুৱাই কয় যে অসম আন্দোলনৰ সময়ত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদে আজি কাৰোবাৰ নেগুৰত ধৰি চৰকাৰৰ লগত মিত্ৰতা কৰি আছে , যিয়ে ৰাইজক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰিছে । অসম জাতীয় পৰিষদে সঁচা আঞ্চলিকতাবাদেৰে আগন্তক দিনত ৰাইজৰ হকে মাত মাতি যাবলৈ প্ৰস্তত বুলি অসম জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকীমণি বৰুৱাই কয় ।

লগতে পঢ়ক:Nagaland Meghalaya assembly election: নাগালেণ্ড আৰু মেঘালয়ত সোমবাৰে ভোট গ্ৰহণ; নিৰ্বাচনী পটভূমিত এভুমুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.