নলবাৰী,26 মাৰ্চ: নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত নলবাৰী জিলাত শান্তি-শৃংখলা ভংগ হোৱাৰ আশংকা কৰি নলবাৰীৰ জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে সমগ্ৰ নলবাৰী জিলাতে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নিষেধাজ্ঞা অনুসৰি নলবাৰী জিলাৰ খেল পথাৰ, ৰাজহুৱা পথ, চৰকাৰী বা অৰ্ধ চৰকাৰী কাৰ্যালয় আদিত ৫ জন বা ততোধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰোপৰি ৰাজহুৱা পথত কোনোৱে শোভাযাত্ৰা উলিৱাব নোৱাৰিব ৷
জিলাখনত যিকোনো লোকে ৰাজহুৱা স্থান,পথ আদিত ফটকা, বিস্ফোৰক আদি ফুটাব নোৱাৰিব । যিকোনো অনুষ্ঠান বা চৰকাৰী কাৰ্যালয়ত কোনেও সত্যাগ্ৰহ, ধৰ্মঘট, ধৰ্ণা আদি অনুষ্ঠিত কৰিব নোৱাৰিব । চৰকাৰী কাৰ্যালয়ত কোনেও পোষ্টাৰ, বেনাৰ , প্লে’ কাৰ্ড লগাব বা দেৱাল লিখন আদি কৰিব নোৱাৰিব । বজাৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত ঘৰ, চৰকাৰী কাৰ্যালয়, বাছ আস্থান আদিত কোনেও লাউড স্পীকাৰ বা মাইক্ৰ'ফোন ব্যৱহাৰ কৰিব নোৱাৰিব । গাড়ীত ক'লা গ্লাছ ব্যৱহাৰ কৰিব নোৱাৰিব । মাস্কৰ সৈতে হেলমেট পিন্ধিব নোৱাৰিব ।
যিকোনো থিয়েটাৰ, সাংস্কৃতিক কাৰ্যসূচী, খেল আদি জিলা দণ্ডাধীশ বা অতিৰিক্ত জিলা দণ্ডাধীশৰ আগতীয়া অনুমতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিব । যদি কোনোৱে আগতীয়া অনুমতি অবিহনে এনেকুৱা কাৰ্যসূচী অনুষ্ঠিত কৰে তেতিয়াহ'লে আয়োজকে নিজৰ দায়িত্বত অনুষ্ঠান বন্ধ কৰিব লাগিব আৰু নিজৰ দায়িত্বত খেলুৱৈ বা অন্যক্ষেত্ৰত মাননি দিব লাগিব । দুচকীয়া বাহনত দুজন লোক ফুৰিব নোৱাৰিব ।
উল্লেখ্য যে, প্ৰথম নিষেধাজ্ঞাটো কৰ্তব্যৰত দণ্ডাধীশ, আৰক্ষীৰ লোক, নিৰাপত্তাৰক্ষী বা দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, চিনেমা হল, শিক্ষানুষ্ঠান, বাছ আস্থান, ৰে'ল ষ্টেশ্যন, খেল পথাৰ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব আৰু এই নিষেধাজ্ঞা তৎকালীনভাৱে প্ৰযোজ্য হোৱাৰ লগতে ৬০ দিন পৰ্যন্ত বাহাল থাকিব।
লগতে পঢ়ক: ভোট দিয়ক আৰু সহকাৰী আয়ুক্ত হোৱাৰ সুযোগ লাভ কৰক...