ETV Bharat / state

নলবাৰীত সম্পন্ন "উদ্ভাৱনা ২০১৯" শীৰ্ষক বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী - udvabana 2019

"উদ্ভাৱনা ২০১৯" শীৰ্ষক বিজ্ঞানৰ আৰ্হিৰ প্ৰদৰ্শনীত প্ৰদৰ্শন 30 টাকৈ বিজ্ঞানৰ আৰ্হি ৷ অংশগ্ৰহণ 30 খনতকৈও অধিক শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীৰ ৷

নলবাৰীত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী
author img

By

Published : May 11, 2019, 7:12 PM IST

নলবাৰী,11 মে' : ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান সূলভ মনটোক উলিয়াই অনাৰ স্বাৰ্থতে নলবাৰীত আয়োজন উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰ ৷ অসম বিজ্ঞান সমিতিৰ সহযোগত বৰভাগ মহাবিদ্যালয় আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীৰ শংকৰদেৱ একাডেমীত আয়োজন কৰা হয় উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ আৰ্হিৰ প্ৰদৰ্শনীৰ। শংকৰদেৱ একাডেমী সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানত জিলাখনৰ 30 খনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে 30তাত কৈও অধিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শিত কৰা হয়। জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰা তিনিটা দলক নগদ ধন আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয় ৷ লগতে অহা ১৮ মে'ত গুৱাহাটীৰ গিৰিজানন্দ প্ৰতিষ্ঠানত হ'বলগা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয় মুকালমুৱাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ মাৰ্চিদুল আলম আৰু ফজল আখতাৰ আৰু শংকৰদেৱ শিশু নিকেটন নলবাৰীৰ জ্ঞানশ্ৰী কলিতা আৰু অংকিত বৰ্মনৰ দল দুটাক ৷

নলবাৰীত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী

উক্ত অনুষ্ঠানত বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকৰ লগতে অসম বিজ্ঞান সমিতিৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্ত, গিৰিজানন্দ প্ৰতিষ্ঠানৰ নলবাৰীৰ সমন্বয়ক উৎপল বৰ্মন আৰু বিশিষ্ঠ সাহিত্যিক বিনয় কুমাৰ মজুমদাৰ উপস্থিত থাকে ৷

Slug Udvawana 2019
11May
Story FTP

নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠান সম্পন্ন।

অসম বিজ্ঞান সমিতিৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক এখনি মনোৰম বিজ্ঞানৰ অনুস্থানৰ আয়োজন কৰা হয়। ৰাতিপুৱাৰ ভাগত অনুষ্ঠানৰ শুভৰাম্ভ কৰে শংকৰদেৱ একাডেমী সমন্নয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই, অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ  নলবাৰী জিলাৰ সমন্নয়ক  প্ৰদীপ মহন্ত, গিৰিজানন্দ প্ৰতিস্থানৰ নলবাৰীৰ সমন্নয়ক উৎপল বৰ্মন আৰু বিশিষ্ঠ সাহিত্যিক বিনয় কুমাৰ মজুমদাৰে অংশগ্ৰহণ কৰে। জিলাখনৰ ৩০ খনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ ৩০ তাত কৈও অধিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শিত হয়। জিলা পৰ্যায়ত অনুস্থিত হোৱা এই প্ৰতিযোগিতাৰ পৰা তিনিটা দলক নগদ ধন আৰু প্ৰমানপত্ৰৰে পুৰস্কৃত কৰা হয়। ইয়াৰে মুকালমুৱাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্র মাৰ্চিদুল আলম আৰু ফজল আখতাৰৰ দল আৰু শংকৰদেৱ শিশু নিকেটন নলবাৰীৰ জ্ঞানশ্ৰী কলিতা আৰু  অংকিত বৰ্মনৰ দল দুটাক অহা ১৮ মে ২০১৯ তাৰিখে গুৱাহাটীৰ গিৰিজনন্দ প্ৰতিষ্ঠানত হবলগা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয়। অসম বিজ্ঞান সমিতিৰ বৰভাগ শাখাই আয়োজন পৰিচালনা কৰা অমুস্থানটিৰ ত ধৰে বৰভাগ শাখাৰ সভাপতি বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকে।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.