ETV Bharat / state

নলবাৰীৰ নন্দেশ্বৰ মেধিৰ কৰুণ কাহিনীঃ পত্নী-বৰপুত্ৰই কৰিলে সাক্ষাৎ - পুত্ৰৰ নিৰ্যাতন

শান্তি নিৱাস বৃদ্ধাশ্ৰমত ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ পত্নীৰ বৰপুত্ৰ ৷ গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে লম্পট কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধি ৷ স্বামীৰ চৰণ চুই সেৱা ল'লে পত্নীয়ে ৷

নলবাৰীৰ অধ্যাপকৰ হৃদয়স্পৰ্শী ঘটনাৰ নতুন মোৰ
author img

By

Published : May 30, 2019, 9:11 AM IST

নলবাৰী , 30 মে': সন্দিকৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধিক নিজৰ পুত্ৰ - কন্যাই চলোৱা নিৰ্যাতন সহিব নোৱাৰি ৰে'লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত ব্যাপক চাঞ্চল্য অব্যাহত আছে ৷

শুকুৰবাৰে অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি নলবাৰীত ৰে'লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰাৰ সময়তে সাংবাদিক এগৰাকীয়ে তেওঁক ৰক্ষা কৰিছিল ৷ সাংবাদিকগৰাকীয়ে বিশিষ্ট শিক্ষাবিদগৰাকীক উদ্ধাৰ কৰি শান্তি নিবাস বৃদ্ধাশ্ৰমত তেওঁৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে ৷ শিক্ষাবিদগৰাকীয়ে জনোৱা অনুসৰি নিজৰ কনিষ্ঠ পুত্ৰই তেওঁক অমানুষিক অত্যাচাৰ কৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাইছিল । বিশিষ্ট গৱেষক গৰাকীৰ এনে কৰুণ কাহিনীৰ কথা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ হোৱাৰ পিচতে বৰপুত্ৰ লোচন ৰাজ মেধি আজি নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰমত উপস্থিত হয় ৷ নিজৰ লগতে ভাতৃ নকুল ৰাজ মেধিৰ কুকাৰ্য আৰু ভগ্নীসকলৰ মানসিকতাৰ কথা উল্লেখ কৰি বৰপুত্ৰ মেধিয়ে কয় যে মাত্ৰ পিতৃৰ পেঞ্চনৰ ধনখিনিৰ ওপৰতহে সকলোৰে চকু ৷ আজিও পিতৃৰ পৰা ধন নিবলৈহে আহিছিল বৰপুত্ৰ ৷ ইফালে পিতৃৰ ওপৰত বৰ্বৰতা চলোৱা কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধিয়ে এতিয়া গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে বুলিও মাতৃ আৰু বৰপুত্ৰই সাংবাদিকৰ আগত সদৰি কৰে ৷

নলবাৰীৰ অধ্যাপকৰ হৃদয়স্পৰ্শী ঘটনাৰ নতুন মোৰ

আনহাতে স্বামী ড৹ নন্দেশ্বৰ ৰাজ মেধিক দেখি আৱেগিক হৈ পৰে পত্নী হীৰামণি ৰায় মেধি । বুধবাৰে শান্তি নিবাসত প্ৰৱেশ কৰিয়েই স্বামীৰ চৰণ চুই সেৱা লয় পত্নীয়ে ৷ লগতে কয় যে পুত্ৰৰ হাতত প্ৰাণ গ'লেও কপালৰ ঘাম মাতিত পেলাই নিৰ্মাণ কৰা স্বামীগৃহ এৰি তেওঁ ক'লৈকো নাযায় ৷ লক্ষণীয়ভাবে অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি আৰু পত্নী হীৰামণি মেধিৰ এই আৱেগিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল শিক্ষাবিদ গৰাকীৰ খবৰ ল'বলৈ অহা বহু লোক ।

Sl-Nalbari lecturer story
29may
Story ftp

*নলবাৰীৰ অধ্যাপকৰ হৃদয়স্পৰ্শী ঘটনাৰ নতুন মোৰ*। *শান্তি নিৱাস বৃদ্ধাশ্ৰমত ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ পত্নী - বৰপুত্ৰ*। *গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে লম্পট কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধি*। *স্বামীৰ চৰণ চুই সেৱা ললে পত্নীয়ে*। *মাহেকীয়া ভাবে পিতৃৰ পৰা ধন নিয়াৰ কথা নিৰ্লজ্জভাবে স্বীকাৰ বৰপুত্ৰৰ*।।

VO-সন্দিকৈ কলেজৰ অবসৰপ্ৰাপ্ত অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধিক নিজৰ পুত্ৰ - কন্যাই চলোৱা নিৰ্যাতন সহিব নোৱাৰি ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰাক লৈ ব্যাপক চাঞ্চল্য অব্যাহত আছে সমগ্ৰ ৰাজ্যত । অধ্যাপক গৰাকীয়ে ইয়াৰ পূৰ্বে কেবাবাৰো ৰেলৰ আগত  পৰি আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বাছি গৈছিল । যোৱা শুক্ৰবাৰে  অবসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে পুনৰ পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি নলবাৰীৰ ৰেল আলিত ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰাৰ মুহুৰ্তত ৰেলৰ আগৰ পৰা বিদগ্ধ পণ্ডিত গৰাকীক উদ্ধাৰ কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে । সাংবাদিক ৰহমানে বিশিষ্ট শিক্ষাবিদ গৰাকীক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাস বৃদ্ধাশ্ৰমত ।  পিছে শিক্ষাবিদ গৰাকীক নিজৰ কনিষ্ঠ পুত্ৰই অমানুষিক অত্যাচাৰ কৰি গৃহৰ পৰা ওলাই আহিবলৈ বাধ্য কৰাইছিল । বিশিষ্ট গবেষক গৰাকীৰ এনে ব্যথাভৰা কাহিনীৰ কথা চ'চিয়েল মিডিয়া আৰু সংবাদ  মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ হোৱাৰ পিছতে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা বৰপুত্ৰ লোচন ৰাজ মেধি আজি উপস্থিত হয় নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত । নিজৰ লগতে ভাতৃ নকুল ৰাজ মেধিৰ কুকাৰ্য আৰু অন্যান্য ভগ্নী সকলৰ ধন লোভী মানসিকতাৰ কথা উল্লেখ কৰি বৰপুত্ৰ লোচন ৰাজ মেধিয়ে কয় - কেবল মাত্ৰ পিতৃৰ পেঞ্চনৰ ধনখিনিৰ ওপৰতহে সকলোৰে চকু । মাতৃৰ সতে শান্তি নিৱাসলৈ আহি পিতৃক লৈ যোৱাৰ মানসিকতাৰে অহা নাছিল বৰপুত্ৰ । আজিও পিতৃৰ পৰা  ধন নিবলৈহে আহিছিল বৰপুত্ৰ । ইফালে পিতৃৰ ওপৰত বৰ্বৰতা চলোৱা কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধিয়ে এতিয়া গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে বুলিও মাতৃ আৰু বৰপুত্ৰই সদৰি কৰে সাংবাদিকৰ আগত । সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনা আৰু নেতৃত্বত চলি থকা শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰম খনিত সৌশৰীৰে স্বামী ড৹ নন্দেশ্বৰ ৰাজ মেধিক দেখি আবেগিক হৈ পৰে পত্নী হীৰামনি ৰায় মেধি । সত্তুৰ উৰ্ধৰ পত্নী হীৰামনিয়ে স্বামীক দেখি পুনৰ থোকাথুকি মাতেৰে কয় - তেখেতে আত্মহত্যা কৰিব নোৱাৰে । আত্মহত্যা কৰিবলৈ গৈও কেবাবাৰো উভতি আহিছে । মোৰ প্ৰতি থকা তেখেতৰ মৰম আৰু মায়াৰ বাবে  তেখেতে আত্মহত্যা কৰিব নোৱাৰে । মোক এৰি থৈ তেখেতে কোনোপধ্যেই আত্মহত্যা কৰিব নোৱাৰে বুলি দৃঢ়তাৰে অধ্যাপক ড৹ ৰাজ মেধিৰ পত্নীয়ে ব্যক্ত কৰিলে সাংবাদিকৰ আগত । আজি দিনৰ ভাগত শান্তি নিৱাসত প্ৰবেশ কৰিয়েই স্বামীৰ চৰন চুই সেৱা লৈ হীৰামনিয়ে কয় - পুত্ৰৰ হাতত প্ৰাণ গ'লেও কপালৰ ঘাম মাতিত পেলাই নিৰ্মাণ কৰা স্বামী গৃহ এৰি তেওঁ কলৈকে নাযায় বুলি সদৰি কৰে । লক্ষণীয়ভাবে  অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি আৰু পত্নী হীৰামনি ৰাজ মেধিৰ আজিৰ  এই আবেগিক মুহুৰ্তৰ সাক্ষী হৈ ৰল শিক্ষাবিদ গৰাকীৰ খবৰ ল'বলৈ অহা বিভিন্ন গৰাকী লোক । এই আবেগিক মুহুৰ্তৰ মাজতে পত্নীৰ অনুৰোধ মৰ্মে নিজৰ মাহেকীয়া পেঞ্চন উলিয়াবলৈ পত্নীৰ হাতত তুলি দিলে এ টি এম খনি । আৰু অশ্ৰুসিক্ত নয়ণেৰে স্বামীক এৰি থৈ যোৱাৰ মুহুৰ্তত পুনৰ উচুপি উঠিল পত্নী হীৰামনি ৰাজ মেধি ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.