ETV Bharat / state

অসম চৰকাৰক তীব্ৰ ভাষাৰে কটাক্ষ আছু সভাপতিৰ

মংগলবাৰে নলবাৰী জিলা ছাত্র সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই আয়োজন কৰা মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে কটাক্ষ আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷

Reaxtion_aasu protester_AASU_President
অসম চৰকাৰক তীব্ৰ ভাষাৰে কটাক্ষ আছুৰ সভাপতিৰ
author img

By

Published : Feb 2, 2021, 3:14 PM IST

নলবাৰী, 2 ফেব্ৰুৱাৰী : মংগলবাৰে নলবাৰী জিলা ছাত্র সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই আয়োজন কৰে মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ছাত্র সন্থাৰ সদস্য সকলৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ ৷

প্ৰতিবছৰে এগৰাকী সংস্কৃতিৰ সাধকক প্ৰদান কৰা হয় মোহন ভাইৰা স্মাৰক বঁটা ৷ এইবাৰ মোহন ভাইৰা স্মাৰক বঁটাৰ বাবে নিৰ্বাচিত হৈছে বাঁহী বাদক হৰেকৃষ্ণ তালুকদাৰক ৷

এই অনুষ্ঠানতেই সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেজপুৰ আৰু শুৱালকুছি ছাত্র সন্থাৰ কৰ্মী সকলে গণতান্ত্ৰিক ভাৱে কৰা প্ৰতিবাদত আৰক্ষী, অৰ্ধসমৰিক বাহিনীয়ে কৰা অত্যাচাৰৰ তীব্ৰ ভাষাৰে কটাক্ষ কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷

আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰে আছু কৰ্মীৰ ওপৰত নিৰ্যাতন কৰি, দমন নীতিৰে যি চৰিত্ৰ দেখুৱালে তাক তীব্ৰ ভাষাৰে নিন্দা কৰে আছুৰ সভাপতি গৰাকীয়ে ৷ আনহাতে, অসম চৰকাৰে ইয়াৰ পৰিনাম ভুগিব লাগিব বুলিও সকীয়ানি প্ৰদান কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ।

আনহাতে, আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যক পৰৱৰ্তী মূখ্য উপদেষ্টা হিচাপে ৰাখিব নে নাই সেই সম্পৰ্কে ৰাজ্যিক কাৰ্যনিৰ্বাহকেহে সিদ্ধান্ত ল’ব বুলিও মন্তব্য কৰে আছুৰ সভাপতি গৰাকীয়ে ৷

লগতে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ অৱদান দেশমাতৃৰ সেৱাত যথেষ্ট থকা বুলিও উল্লেখ কৰে দীপাংক কুমাৰ নাথে ।

লগতে পঢ়ক : চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.