ETV Bharat / state

নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ বাতিল - শ্ৰীশ্ৰীহৰি মন্দিৰ নলবাৰী

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ৷ ইয়াৰ বিপৰীতে ৰাস পূৰ্ণিমাৰ দিনা মূল পূজাভাগহে অনুষ্ঠিত কৰা হ’ব ৷

নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ বাতিল
নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ বাতিল
author img

By

Published : Oct 26, 2021, 2:31 PM IST

নলবাৰী, 26 অক্টোবৰ : শাৰদীয় পূৰ্ণিমাতে উদযাপন কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ এই ৰাসক কেন্দ্ৰ কৰি উজনিৰ পৰা নামনিলৈ সোঁত বয় ভক্তপ্ৰাণ ৰাইজৰ ৷ ঠাই ভেদে ভিন্নৰূপত উদযাপন কৰা হয় ৰাস ৷ সাধাৰণতে নামনি অসমৰ ৰাস বুলিলে অন্যতম হৈছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰত উদযাপিত ৰাস মহোৎসৱ ৷ ভ্ৰাম্যমানৰ অঘোষিত প্ৰতিযোগিতালৈ ৰূপান্তৰিত হোৱা ৰাস মহোৎসৱ বিগত বছৰত কৰ’ণা মহামাৰীৰ বাবে তিনিদিনীয়াকৈ পালন কৰা হৈছিল ৷

নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ বাতিল

কিন্তু এইবাৰ পূৰ্বৰ তুলনাত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধিৰ আশংকাত বাতিল কৰা হৈছে ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী ৷ ইয়াৰ সলনি ৰাস পূৰ্ণিমাৰ দিনা মূল পূজাভাগহে অনুষ্ঠিত কৰা হ’ব ৷ চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি হৰিমন্দিৰ কমিটিয়ে মাথো মাংগলিক কাৰ্যসূচীৰে এদিনীয়াকৈ উদযাপন কৰিব এইবছৰৰ ৰাস ৷

লগতে চাওক: মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.