ETV Bharat / state

Alif Mohammad Murder Case : আলিফ মহম্মদৰ হত্যাকাৰীক শাস্তিৰ দাবীত নলবাৰী থানাত প্ৰতিবাদ - protest in Nalbari to arrest murderer

আজি এবছৰেও ন্যায় নাপালে নলবাৰীৰ জানিগোগৰ আলিফ মহম্মদৰ পৰিয়ালে (Alif Mohammad murder case of Nalbari) । যোৱা বছৰ ৩ ডিচেম্বৰত নলবাৰীৰ জানিগোগৰ ঘৰলৈ আহি থাকোঁতে ঘৰৰ পৰা ১০০ মিটাৰ দূৰৈত উদ্ধাৰ হৈছিল আলিফ মহম্মদৰ মৃতদেহ (Alif Mohammad mysterious death) ।

Nalbari
Nalbari
author img

By

Published : Dec 7, 2022, 7:35 PM IST

Updated : Dec 7, 2022, 8:14 PM IST

নলবাৰী, ৭ ডিচেম্বৰ : আজি এবছৰেও ন্যায় নাপালে নলবাৰীৰ জানিগোগৰ আলিফ মহম্মদৰ পৰিয়ালে (Alif Mohammad murder case of Nalbari) । যোৱা বছৰ ৩ ডিচেম্বৰত নলবাৰীৰ জানিগোগৰ ঘৰলৈ আহি থাকোঁতে ঘৰৰ পৰা ১০০ মিটাৰ দূৰৈত উদ্ধাৰ হৈছিল আলিফ মহম্মদৰ মৃতদেহ (Alif Mohammad mysterious death) ।

আলিফ মহম্মদৰ হত্যাকাৰীক শাস্তিৰ দাবীত নলবাৰী থানাত প্ৰতিবাদ

পৰিয়ালৰ লোকে হত্যাৰ সন্দেহত নলবাৰী সদৰ থানাত দাখিল কৰিছিল এজাহাৰ (Nalbari police station) । তাৰ পিছতো আৰক্ষীয়ে আলিফৰ পৰিয়ালক আজিলৈকে উক্ত হত্যাকাণ্ডৰ একো শুংসূত্ৰ দিব নোৱৰাত স্থানীয় ৰাইজে নলবাৰী আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (people protest in Nalbari police station) । প্ৰতিবাদকাৰীয়ে নলবাৰী আৰক্ষী হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে নলবাৰী চহৰ ।

উল্লেখ্য, আলিফ মহম্মদৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত বুধবাৰে নলবাৰী সদৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে (protest in Nalbari to arrest murderer) । নলবাৰীত আলিফ মহম্মদৰ হত্যাকাৰীক কাৰায়ত্ত কৰি উচিত শাস্তিৰ দাবীত আজি নলবাৰী সদৰ থানা ঘেৰাও কৰে পৰিয়াল তথা স্থানীয় ৰাইজে ।

উল্লেখ্য, যোৱা ২০২১ চনৰ ৩ ডিচেম্বৰত শিবসাগৰৰ পৰা নলবাৰীৰ ঘৰলৈ আহি থকাৰ সময়ত আলিফ মহম্মদক কোনো লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে । তাৰে পৰিপ্ৰেক্ষিতত আলিফ মহম্মদক হত্যা কৰা সন্দৰ্ভত পৰিয়ালৰ লোকে ন্যায় বিচাৰি নলবাৰী সদৰ থানাত এবছৰ পূৰ্বে এটি গোচৰ ৰুজু কৰিছিল (Public Protest Against Nalbari Police)।

কিন্তু বৰ্তমানেও নলবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি আজি পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত নলবাৰী সদৰ থানা ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে । আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিছত নলবাৰী সদৰ থানাৰ আৰক্ষী বিষয়াৰ হস্তক্ষেপত সমাপ্ত কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী ।

লগতে উক্ত ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাৰ আৰক্ষী বিষয়াই নিজে তদন্ত কৰিব বুলি প্ৰতিবাদকাৰীক প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পেলায় । কিন্তু এটা বছৰেও উক্ত ঘটনাৰ তদন্ত নোহোৱাটো ৰহস্যজনক বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক :MCD election results 2022 : আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ

Last Updated : Dec 7, 2022, 8:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.