নলবাৰী, 13 ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক মুক্তি কৰি দিয়াৰ দাবীত দেওবাৰে নলবাৰীত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ চহৰখনৰ বিভিন্ন ঠাইত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
প্ৰতিবাদকাৰীৰ মন্তব্য অনুসৰি, যদিহে চৰকাৰে কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুকলি কৰি নিদিয়ে তেন্তে অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।
উল্লেখ্য যে, বিগত বৰ্ষত কৃষক নেতা অখিল গগৈক নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰাৰ বাবে ৰাইজক উচতনি দিয়াৰ লগতে কেইবাটাও গোচৰত নিয়াৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ অখিল গগৈৰ বন্দীত্বৰ জীৱন এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাচতো নেতা গৰাকীক মুকলি কৰি নিদিয়াৰ বাবে বিভিন্ন মহলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল-সংগঠন তথা অসমৰ সচেতন মহলে কৃষক নেতা গৰাকীক মুকলি কৰি দিয়াৰ বাবে দাবী অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : বিটিচি নিৰ্বাচনৰ চাৰি খন জিলাৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি