ETV Bharat / state

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

author img

By

Published : Jul 19, 2021, 10:45 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ ৷ ইয়াৰ মাজতে সোমবাৰে কেইবাটাও সংগঠনে নলবাৰীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

protest-against-price-hike-of-essential-goods-at-nalbari
নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

নলবাৰী, 19 জুলাই : ক'ভিড আতংকৰ মাজতে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে বিবুধিত পৰিবলগীয়া হৈছে ৰাজ্যৰ সহস্ৰাধিক পৰিয়াল ৷ ইয়াৰ মাজতে ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI), ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ ইণ্ডিয়া(DYFI), চিটু (CITU) সৰ্বভাৰতীয় কিষাণ সভা(AIKS) আৰু অল ইণ্ডিয়া ডেমক্ৰেটিক ওমেন এছ'চিয়েচন(AIDWA)ৰ ৰাজ্যিক কমিটিৰ নিৰ্দেশমৰ্মে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

প্ৰতিবাদৰ অংশ হিচাপে মুকালমুৱাৰ মাজেৰে ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ বৰক্ষেত্ৰীৰ কৰ্মীসকলে ক'ভিড বিধি মানি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ মূল্যবৃদ্ধি ৰোধ কৰক, সকলোকে বিনামূলীয়া ভেকচিন দিয়াৰ ব্যৱস্থা কৰক, মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদস্থলীৰ পৰা এছ এফ আই বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ সম্পাদক গাজিউৰ ৰহমান চৌধুৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ নেতা গৰাকীয়ে কয় যে ,বজাৰত মূল্যবৃদ্ধিৰ জুয়ে সৰ্বসাধাৰণক মাধমাৰ শোধাইছে ৷

এই সময়ত চৰকাৰৰ দায়িত্ব আছিল জনগণৰ লগত থিয় দিয়া ৷ কিন্তু সেয়া নকৰি বিজেপিৰ নেতা-পালিনেতাসকলে তুলুঙা মন্তব্য কৰি জনসাধাৰণৰ সমস্যাবোৰক আওকাণ কৰিছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ নেতা গৰাকীয়ে কয় যে, "ৰাজ্যৰ সচেতন ৰাইজে সকলোকে বিনামূলীয়া ভেকচিন প‌্ৰদান কৰাৰ বাবে দাবী কৰাৰ সময়ত চৰকাৰখনে ঘৰে ঘৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ চিন্তাত ব্যস্ত হৈ আছে ৷

যোৱা দুমাহৰ ভিতৰত পেট্ৰ’ল-ডিজেলৰ মূল্য 39 বাৰকৈ বৃদ্ধি হৈছে" ৷ এই চৰকাৰখনে কেৱল পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰি আহিছে, সৰ্বসাধাৰণৰ নহয় ৷ এইদৰে চৰকাৰক তীব্ৰ কটাক্ষ কৰে গাজিউৰ ৰহমানে ৷

উল্লেখ্য যে, প্ৰতিবাদস্থলীত কৃষক নেতা ভূৱনেশ্বৰ বৰ্মন আৰু শ্ৰমিক নেতা জয়নাল আলী আহমেদে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবী জনায় ৷ লগতে গো-সুৰক্ষা বিধেয়ক নহয় অসমত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে । এই কাৰ্যসূচীত শ্ৰমিক নেতা নুৰ হুছেইন আলী, কৃষক নেতা হবিবৰ আলী সহ কেইবাজনো কৰ্মী উপস্থিত থাকে । পেট্ৰ’ল-ডিজেল আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলাখনৰ বিভিন্ন দল-সংগঠন ৷

লগতে পঢ়কঃ নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.