নলবাৰী,1 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা 2021-22 বৰ্ষৰ সাধাৰণ বাজেটৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ৷ সোমবাৰে সন্ধিয়া নলবাৰী চহৰৰ এন.টি ৰোডত বাজেটৰ প্ৰতিলিপি দাহ কৰি এই বাজেট দেশক বিক্ৰী কৰা বাজেট বুলি অভিহিত কৰে যুৱ- ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলে ৷ লগতে এই বাজেটে মধ্যবিত্ত শ্ৰেণীক মাধমাৰ শোধোব বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ কেন্দ্ৰীয় বাজেট প্ৰণেতা নিৰ্মলা সীতাৰমন হায় হায়, নৰেন্দ্ৰ মোডী হুচিয়াৰ, মধ্যবিত্ত শ্ৰেনীক মাধমাৰ সোধোৱা কেন্দ্ৰীয় চৰকাৰ হায় হায়, আদি বিভিন্ন শ্লোগানেৰে বাজেট দাহ কাৰ্যসূচীত পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে ৷
উল্লেখ্য যে,সংগঠনটোৰ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত ৰূপায়ন কৰা বাজেট দাহ কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ উপদেষ্টা গৌতম কুমাৰ শৰ্মা,সংগঠনটোৰ চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰ্মনকে ধৰি ভালেমান বিষয়-ববীয়া উপস্থিত থাকে ৷ এই বাজেটত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহোতে প্ৰায়েই উল্লেখ কৰা লুক ইষ্ট পলিচি, অসমৰ বান- গৰাখহনীয়াৰ সমাধান, অসমৰ আন্তঃগাথনিৰ উন্নয়ন আদি বিষয়ৰ ওপৰত কোনো কথা উল্লেখ নথকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰি নিবনুৱা সমস্যা সমাধান, খাৰুৱা তেল, ৰন্ধন গেছৰ বৰ্দ্ধিত দাম নিয়ন্ত্ৰণ,বন্ধহৈ থকা ৰাজহুৱা উদ্যোগ সমুহক গতিশীলতা প্ৰদানৰ হকে কোনো পদক্ষেপ নোলোৱাত যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে এই বাজেটকলৈ তীব্ৰ অসন্তষ্টি ব্যক্ত কৰে ৷
লগতে পঢ়কঃ প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত