ETV Bharat / state

কংগ্ৰেছৰ প্ৰতিবাদ মিথ্যাচাৰৰ বাহিৰে একো নহয় : অশোক শৰ্মা

author img

By

Published : Oct 11, 2020, 9:36 PM IST

ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হৈছে কৃষি আইন 2020 ৰ বিৰুদ্ধে ৷ নলবাৰীত দেওবাৰে বিধায়ক অশোক শৰ্মাই এই সন্দৰ্ভত সম্বোধন কৰে এক সংবাদমেল ৷ বিধায়ক গৰাকীয়ে কৃষি আইনখনৰ জৰিয়তে কৃষকসকলৰ দুখৰ অন্ত পৰাৰ কথা ব্যক্ত কৰে সংবাদমেলখনত ৷

Press meet of MLA Ashok Sarma nalbari assam etv bharat news
বিধায়ক অশোক শৰ্মাৰ সংবাদমেল

নলবাৰী,11 অক্টোবৰ : নলবাৰীত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে বিধায়ক অশোক শৰ্মাই ৷ কৃষি আইন 2020 ক বিষয়বস্তু হিচাপে লৈ সংবাদমেলখন সম্বোধন কৰে বিজেপিৰ বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে কৃষি আইনখনৰ সন্দৰ্ভত কংগ্ৰেছে কৰা প্ৰতিবাদক মিথ্যাচাৰ বুলি কোৱাৰ লগতে কৃষকে হাল বোৱা কাৰ্যত ব্যৱহৃত ট্ৰেক্টৰক জ্বলাই অপমান কৰা বুলি দলটোক কঠোৰ সমালোচনা কৰে ৷

বিধায়ক অশোক শৰ্মাৰ সংবাদমেল

আনহাতে, এই আইনখনৰ জৰিয়তে কৃষকসকলে স্বাধীনভাৱে উৎপাদিত ফচল উচিত আৰু নায্য দামত কোনো কমিচন অবিহনে বিক্ৰী কৰিব পাৰিব । এই আইনখন ৰাইজৰ মাজলৈ নিয়াৰ অৰ্থে এই সংবাদমেলখনৰ আয়োজন কৰা হয় নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত ৷ এই সংবাদমেলত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰকে ধৰি কেইবাগৰাকীও বিজেপি নেতা ৷

লগতে চাওকঃ গাঁঠিৰ ধন ভাঙি পথ মেৰামতি ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.