ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামপুৰ বালিকা বিদ্যালয়ৰ পুতৌ লগা ফলাফল - Poor HSLC results of Rampur girls school

ৰামপুৰ বালিকা বিদ্যালয় হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুতৌ লগা ফলাফল (Poor HSLC results of Rampur girls school)। ২৬ গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ । ছাত্ৰীৰ ফলাফল বেয়া হোৱাৰ যুক্তি দিলে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকে ।

nalbari
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামপুৰ বালিকা বিদ্যালয়ৰ পুতৌ লগা ফলাফল
author img

By

Published : Jun 9, 2022, 4:58 PM IST

নলবাৰী, ৯ জুন : অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ (Assam HSLC results 2022) পাছতে চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবিখন পুনৰ এবাৰ পোহৰলৈ আহিছে । আশা কৰা ধৰণে অসমৰ চৰকাৰী বিদ্যালয়সমূহে ফলাফল দেখুৱাব নোৱাৰাত চিন্তাত পৰিছে বৌদ্ধিক মহল । কেৱল স্থান লাভৰ ক্ষেত্ৰতে নহয়, সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ দেখিও হতবাক অসমৰ জনসাধাৰণ । আনকি এনেকুৱা বহু চৰকাৰী বিদ্যালয় আছে য'ত এগৰাকী শিক্ষাৰ্থীও পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই (Poor HSLC results in govt school of Assam)।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামপুৰ বালিকা বিদ্যালয়ৰ পুতৌ লগা ফলাফল

নলবাৰী জিলাৰ মুকালমুৱাৰ এখন বিদ্যালয়ৰ ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ ৰাইজ (Poor HSLC results of Rampur girls school)। ৰামপুৰ বালিকা বিদ্যালয় হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৬ গৰাকী ছাত্ৰী । কিন্তু মাত্ৰ চাৰিগৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাকী ২২ গৰাকী ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে । বিদ্যালয়খনৰ এই পুতৌ লগা ফলাফলক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

আনহাতে বিদ্যালয়খনৰ এনে ফলাফলক লৈ কিছুমান আচৰিক যুক্তি দিছে শিক্ষকসকলে । শিক্ষকসকলৰ যুক্তি দেখিও হতবাক হৈছে অঞ্চলটোৰ ৰাইজ । ইফালে ১১৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত আছে ৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ।

উল্লেখ্য যে এই বিদ্যালয়খনত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকী ছাত্ৰীও উৰ্ত্তীণ হ'বলৈ সক্ষম হোৱা নাছিল । এইবাৰ পুনৰ বিদ্যালয়খনৰ এনে ফলাফল যথেষ্ট হতাশাজনক ।

লগতে পঢ়ক :ৰঙিয়া মহাবিদ্যালয়ত বিশেষ প্ৰদৰ্শনী-মেলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.