ETV Bharat / state

Poor Road Condition in Dharmapur : মন্ত্ৰী চন্দ্ৰমোহনৰ সমষ্টিত গড়কাপ্তানী পথৰ জৰাজীৰ্ণ ৰূপ

author img

By

Published : Mar 30, 2023, 8:08 AM IST

Updated : Mar 30, 2023, 9:10 AM IST

ধৰ্মপুৰৰ কৈঠালকুছিৰ জৰাজীৰ্ণ পথে বছৰ বছৰ ধৰি নৰক যন্ত্ৰণা ভোগাই আহিছে ৰাইজক । কাণসাৰ নাই স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (poor road condition at Dharmapur Nalbari) । অঞ্চলবাসীৰ তীব্ৰ ক্ষোভ চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ।

Nalbari
Nalbari
ধৰ্মপুৰ সমষ্টিত ৰাস্তাৰ বিধ্বস্ত ৰূপ

নলবাৰী, ২৯ মাৰ্চ : ধৰ্মপুৰৰ কৈঠালকুছি গাঁও পাকিস্তানৰ অন্তৰ্গত নেকি ? গাঁওখনক কিয় মাহীআইৰ দৃষ্টিৰে চায় চৰকাৰে ! এই প্ৰশ্ন গাঁওখনৰ জনতাৰ । লগতে মন্তব্য, চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে সিংহ পুৰুষৰ প্ৰয়োজন নাই ধৰ্মপুৰত (Assam minister Chandra Mohan Patowari) । হয়, এগৰাকী বহুবল্কী মন্ত্ৰীৰ সমষ্টিৰ বিধ্বস্ত যাতায়াত ব্যৱস্থাই এতিয়া যমৰ যাতনা ভোগাইছে সাধাৰণ জনতাক (poor road condition at Dharmapur Nalbari) ।

অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী হ’ল চন্দ্ৰমোহন পাটোৱাৰী ৷ পিছে সমষ্টিৰ উন্নয়নত ব্যৰ্থ চন্দ্ৰমোহন (Dharmapur MLA Chandra Mohan Patowari) । ধৰ্মপুৰৰ পৰা নলবাৰী আৰু বৰমা সমষ্টি সংযোগী দুটা পথেই বহন কৰিছে মন্ত্ৰী পাটোৱাৰীৰ উন্নয়নৰ নমুনা । ধৰ্মপুৰৰ কৈঠালকুছি-নলবাৰী, চামতা-কৈঠালকুছি আৰু কৈঠালকুছি-বৰমা সংযোগী প্ৰধান পথৰ দুৰৱস্থাৰ বাবে এতিয়া সৰ্বত্ৰে ক্ষোভ আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে । আনহাতে, বহুবল্কী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ বিধ্বস্ত পথে বছৰৰ পিছত বছৰ ধৰি জীয়াতু ভোগাই আহিছে জনতাক (poor condition of PWD roads in Dharmapur Nalbari) ৷

মৰণফাণ্ডত পৰিণত হৈছে কৈঠালকুছি-নলবাৰী সংযোগী গড়কাপ্তানী পথ ৷ যাতায়াতৰ বাবে একেবাৰেই অনুপযোগী হৈ পৰিছে কৈঠালকুছি-চামতা পথটোও ৷ পথ নহয় যেন পুখুৰীহে ৷ বাৰিষা যদি পুখুৰী হয়, খৰালি আকৌ মৰুভূমিৰ দৰে ধূলি উৰি থাকে এই মূল সংযোগী পথকেইটাত । স্থানীয় ৰাইজে বিধায়কগৰাকীক বাৰে বাৰে কাকুতি-মিনতি কৰি অতিষ্ঠ হৈ এতিয়া সংবাদ মাধ্যমৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে, যাতে মুখ্যমন্ত্ৰীয়ে সুদৃষ্টি ৰাখি পথছোৱা সোনকালে মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিয়ে ।

লগতে চন্দ্ৰমোহনৰ নিচিনা সিংহ পুৰুষক গাদীৰ পৰা আঁতৰাবলৈ আহ্বান স্থানীয় লোকৰ । কিয়নো ধৰ্মপুৰত এতিয়া সিংহ পুৰুষৰ কোনো প্ৰয়োজন নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে স্থানীয় লোকে । উল্লেখযোগ্য যে নলবাৰী জিলাৰ ধৰ্মপুৰৰ অতি পুৰণি ঠাই এই কৈঠালকুছিলৈ সকলো সংযোগী পথৰেই জৰাজীৰ্ণ ৰূপ । এই জৰাজীৰ্ণ অৱস্থাৰ মাজেৰে চল্লিশখনতকৈ অধিক গাঁৱৰ ৰাইজৰ নিতৌ যাতায়াত চলে। স্কুল কলেজকে আদি কৰি হস্পিটেললৈ ৰোগী নিবলৈ হ'লে কিমান যন্ত্ৰণাত নিবলগা হয় সেয়া পথৰ অৱস্থাই প্ৰতিফলিত কৰে ।

আনহাতে, স্থানীয় ৰাইজে বহু আবেদন-নিবেদন কৰিলেও পিছে গা নলৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । এখন গৰু গাড়ীও চলাচল কৰিব নোৱাৰা অৱস্থা হোৱা পথকেইটাৰে মৰণত শৰণ লৈ চলে যাতায়াত । ফলত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে ক্ষোভৰ । আনহাতে, লোক নিৰ্মাণ বিভাগৰো এই পথকেইটাত আজিলৈ কোনো সুদৃষ্টি নপৰিল, যাৰ বাবে এতিয়া নলবাৰী জিলাৰ চল্লিশখন গাঁৱৰ ৰাইজে যাতায়াতৰ নামত এনেদৰে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক :Protest at DuliabamTea Estate: দুলীয়াবাম চাহ বাগিচাৰ উপ-পৰিচালকক বহিষ্কাৰ কৰাৰ দাবীৰে শ্ৰমিকৰ প্ৰতিবাদ

Last Updated : Mar 30, 2023, 9:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.